নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ গৌৰীপুৰত দুচকীয়া বাহনৰ নক’ল পাৰ্টছৰ বৃহৎ ক’লা বজাৰ

নিয়মীয়া বাৰ্তা, ১২ নৱেম্বৰঃ ধুবুৰী জিলাৰ গৌৰীপুৰত এটা বিশেষ দুচকীয়া বাহনৰ নক’ল পাৰ্টছৰ বৃহৎ ক’লা বজাৰ গঢ়ি উঠাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে।

এক বিশেষ অভিযোগৰ ভিত্তিত আজি গৌৰীপুৰ আৰক্ষীৰ এক অভিযানত অঞ্চলটোৰ কেইবাটাও বাহনক ‘স্পেয়াৰ স্পাৰ্টচ’ৰ দোকানৰ পৰা ব্যক্তিগত খণ্ডৰ এটা বিশেষ দুচকীয়া বাহনৰ বৃহৎ পৰিমাণৰ নকল পাৰ্টছ উদ্ধাৰ হোৱা বুলি পোহৰলৈ আহিছে।

তাৎপৰ্যপূৰ্ণ ভাৱে গৌৰীপুৰ আৰক্ষীয়ে নকল পাৰ্টছ উদ্ধাৰ কৰা বুলি সংবাদ মাধ্যমক অৱগত কৰিলেও এতিয়ালৈ নকল স্পেয়াৰ পাৰ্টচৰ এখন দোকানো ‘চিল’ কৰা হোৱা নাই আৰু সেয়া লৈও প্ৰশ্ন উত্থাপিত হৈছে।

দীৰ্ঘদিনৰ পৰা ধুবুৰীকে ধৰি সমগ্ৰ জিলাখনত সক্ৰিয় দুচকীয়া, চাৰিচকীয়া বাহনৰ নকল স্পেয়াৰ পাৰ্টচৰ ব্যৱসায়ৰ সৈতে এটা বিশেষ চক্ৰ সক্ৰিয় হৈ আছে নেকি সেই প্ৰশ্নৰো উদয় হৈছে।

input: অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like