নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ বিশিষ্ট কবি-সাহিত্যিক, চিকিৎসক প্ৰয়াগ শইকীয়াক “নগঞা শইকীয়া ভোটাই ডেকা সন্মান-২০২২” প্ৰদান

নিয়মীয়া বাৰ্তা, ১৪ মেঃ নগাঁৱৰ বিশিষ্ট কবি-সাহিত্যিক, চিকিৎসক প্ৰয়াগ শইকীয়াক শুকুৰবাৰে নিশা প্ৰদান কৰা হয় ” নগঞা শইকীয়া ভোটাই ডেকা সন্মান”। আহোম ৰাজত্ব কালৰ এগৰাকী অসাধাৰণ বীৰ, যি গৰাকীয়ে অসম বুৰঞ্জীৰ এজন খলনায়ক হিচাপে বিবেচিত লালুকসোলা বৰফুকনক হত্যা কৰাই নহয় এখন সাধাৰণ তৰোৱালেৰে জনগণৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰা এটা প্ৰকাণ্ড ভালুক হত্যা কৰি ৰাইজক দুঃচিন্তামুক্ত কৰিছিল সেইগৰাকী ভোটাই ডেকাৰ নামত উৎসৰ্গিত এই সন্মান ইতিপূৰ্বে সমাজৰ তিনিগৰাকী বৰেণ্য ব্যক্তিক প্ৰদান কৰাৰ পিছত এইবেলি চতুৰ্থবাৰৰ বাবে বিশিষ্ট কবি প্ৰয়াগ শইকীয়াক প্ৰদান কৰা হয়। নগাঁৱৰ ভোটাইগাঁও গ্ৰাম্য বিকাশ যুৱ মঞ্চৰ উদ্যোগত মঞ্চৰ কাৰ্যালয় প্ৰাংগণত ১২ আৰু ১৩ মে’ত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আয়োজন কৰা যুৱ মঞ্চৰ ২৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগতে বসন্ত উৎসৱৰ অনুষ্ঠানতে প্ৰদান কৰা হয় এই বিৰল সন্মান।

বঁটা গ্ৰহণ কৰি দিয়া ভাষণত বিশিষ্ট কবিগৰাকীয়ে কয় যে এই সন্মান মই নতশিৰে গ্ৰহণ কৰিছো। অসম বুৰঞ্জীৰ এজন অতি বিপদজনক খলনায়ক লালুকসোলা বৰফুকনক সংহাৰ কৰি ৰাজ্যলৈ সুস্থিৰতা অনা ভোটাই ডেকা আজিও ভোটাতৰাৰ দৰে জিলিকি থকা এক নমস্য নায়ক। এই নামৰ স’তে সংলগ্ন হ’ব পৰাটো এক বিৰল প্ৰাপ্তি। চৰকাৰী অধিবক্তা অমৰ জ্যোতি শইকীয়াই সাংস্কৃতিক মঞ্চ মুকলি কৰা এই অনুষ্ঠানতে অধিবক্তা চিম্পি বৰা, আৰক্ষী বিষয়া মৃদুল হাজৰিকা, সাংবাদিক জয়ন্ত বৰা আদিক সম্বৰ্ধনা জনোৱা এই অনুষ্ঠানতে অসম সত্ৰ মহাসভাৰ অন্যতম সম্পাদক, জ্যেষ্ঠ সাংবাদিক প্ৰান্তিক গোস্বামীয়েও ভাষণ প্ৰদান কৰে। ইয়াৰ পিছতে আমন্ত্ৰিত নৃত্যঙ্গনা সাংস্কৃতিক গোষ্ঠীকে ধৰি দুটা নৃত্য দলৰ দ্বাৰা আকৰ্ষণীয় নৃত্য পৰিবেশন আৰু জনপ্ৰিয় কণ্ঠশিল্পী অংকুৰ তনয়, প্ৰীতি দাস আৰু ৰূপম কাকতিৰ সংগীতানুষ্ঠানেৰে মুখৰিত হৈ পৰে “বসন্তৰ এনিশা” ।

উল্লেখ্য যে বিভিন্ন সমাজসেৱামূলক কাম-কাজৰ সৈতেও জড়িত ভোটাইগাঁও গ্ৰাম্য বিকাশ যুৱ মঞ্চৰ উদ্যোগত বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো বিহুনৃত্যকে ধৰি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা কাৰ্যসূচীসমূহত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সঁহাৰি পৰিলক্ষিত হয়।

You might also like