নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত ভয়ানক দুৰ্ঘটনা,পাৰৰ মাটি খহি পুখুৰীত বাগৰিল মালবাহী ট্ৰেক্টৰ

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চ:  নগৰবেৰা পথালিপাৰাত আজি এক ভয়ানক দুৰ্ঘটনা সংঘটিত হয় ,পুখুৰীৰ পাৰৰ মাটি খহি পানীত পৰে মালবাহী ট্ৰেক্টৰ এখন |নগৰবেৰাৰ পৰা আলোপতিচৰ অভিমুখে এছবেচটা টিন কঢ়িয়াই নিয়া ট্ৰেক্টৰ এখন চকা পিছলি পথালিপাৰা বামুনীপুখুৰীৰ পানীত বাগৰি পৰে |বৰষুণৰ বাবে পুখুৰীৰ পাৰৰ মাটি পিছল আৰু কোমল হৈ থকাত ট্ৰেক্টৰৰ চকা পিছলি সংঘটিত হয় দুৰ্ঘটনাটো। আনহাতে ট্ৰেক্টৰ চালক জন পানীত পৰা মাত্ৰেই সাঁতুৰি দুৰ্ঘটনাস্থলীৰ পৰা পলায়ন কৰা বুলিও জানিব পৰা গৈছে |

স্মৰ্তৱ্য যে পথালিপাৰা গাঁৱৰ ৰাইজে বিপদসংকুল বাবেই পথটিৰে বন্ধ কৰি ৰাখিছিল যান-বাহন ,তাৰ মাজতেই সংগোপনে পাৰ হ’ব খোজা মালবাহী ট্ৰেক্টৰ দুৰ্ঘটনাত পতিত হোৱাৰ খৱৰে গাঁৱখনত চাঞ্চল্য বিয়পায় |

@ প্ৰেৰক-সঞ্জীৱ কুমাৰ দাস/নগৰবেৰা

You might also like