নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানত বিধ্বস্ত ৰঙিয়াৰ বৰডোঙা বটাকুছি পথ , ব্যাহত যাতায়ত

নিয়মীয়া বার্তা, ২৬ জুনঃ বানে ধোৱা ৰঙিয়াৰ ধুহিত বিধ্বস্ত হৈছে যাতায়ত ব্যৱস্থা । বৰডোঙা বটাকুছিৰ পৰা ইছলামপুৰলৈ যোৱা পথটো বানত চিঙি গৈছে । উক্ত পথচোৱাৰে নৈ সদৃশ পানী বৈ আছে। পথটো বিধ্বস্ত হোৱাত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ বাবে যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে। অঞ্চলটোৰ বাবে অতি গুৰুত্বপূৰ্ণ এই ভগ্ন পথটোৰে বিপজ্জনকভাৱে অহা-যোৱা কৰাত ইতিমধ্যে বহু কেইটা দুৰ্ঘটনাও সংঘটিত হৈছে। দুদিন পূৰ্বে পথটো অতিক্ৰম কৰিবলৈ ল‌ওতে ৬ জন লোক প্ৰবল পানীৰ সোঁতত উটি গৈছিল যদিও কোনোমতে উদ্ধাৰ কৰা হয় । অঞ্চলটোৰ একমাত্ৰ পথটো এনেদৰে চিঙি যোৱাত যোগাযোগ ব্যৱস্থা বন্ধ হৈ পৰিছে । জৰুৰীকালীন সময়ত কোনো বাহন যাব নোৱাৰে। আনকি ৰোগীক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা নাই । দহদিন পূৰ্বে হঠাৎ অহা প্ৰলয়ংকাৰী বানৰ বাবে এতিয়া বৃহত্তৰ অঞ্চলটোৰ ৰাইজে এক দুৰ্বিষহ জীৱন কটাব লগীয়া হৈছে । বানাক্ৰান্ত‌ ৰাইজে শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ চৰকাৰক দাবী জনাইছে।

You might also like