নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অত্যাধুনিক ক্লিনিং ষ্টেচন মুকলি হেমন্ত চৌধুৰীৰ

নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰঃ  উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমটো অত্যাধুনিক প্ৰযুক্তিগত ব্যৱস্থাপনাৰে সমৃদ্ধ ক্লিনিং ষ্টেচন মুকলি কৰা হৈছে গুৱাহাটীৰ ছয়মাইলত । জালুকবাৰী সমষ্টিৰ চাংসাৰি জলাহৰ বিশিষ্ট সমাজসেৱক ,ব্যৱসায়ী ছফিক আলী মিৰ্জাই বহি:ৰাজ্যৰ অভিজ্ঞতাপুষ্ট লেভি ই কেটী নামৰ লোক গৰাকীৰ কনচেপ্ট আৰু প্ৰচেষ্টাত প্ৰায় এবছৰীয়া পৰিকল্পনাৰ অন্তত মঙলবাৰৰ পৰা গ্ৰাহকৰ বাবে মুকলি কৰে অনলাইন ,অফলাইন বুকিং উপলব্ধ উন্নত মানৰ কাৰিকৰী কৰ্ম প্ৰতিস্থানখন। এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ যোগেদি অত্যাধুনিক ডিজিটেল চিষ্টেম ‘ দ্যা ক্লিনিং ষ্টেচন ‘ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন মুকলি তথা শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অ’এছডি হেমন্ত চৌধুৰীয়ে ।

মনকৰিবলগীয়া যে এই ক্লিনিং ষ্টেচনত গুৱাহাটী মহানগৰবাসীৰ লগতে সমীপৱৰ্তী লোকে নিজৰ ব্যৱহৃত কোট ,পেণ্টৰ লগতে সকলোধৰণৰ সাজ পোছাক ,কম্বল ,জোতা ইত্যাদি অতি নিখুট  ব্যৱস্থাপনাৰে ধুই ,শুকাই তথা ফিনিচিং কৰি নিব পাৰিব মাত্ৰ এঘন্টাৰ ভিতৰত। তাকো কম খৰছত । তদুপৰি  নিজৰ মৰমৰ গাড়ীখন , ঘৰৰ মলিয়নহৈ পৰা সকলোধৰণৰ ফাৰ্নিচাৰ , চোফা ছেট ,ৱাল ,ফ্ল’ৰ আদিও অত্যাধুনিক মেচিনৰ জৰিয়তে কম সময়তে পৰিস্কাৰ কৰি থৈ আহিব প্ৰশিক্ষিত ইয়াৰ কৰ্মচাৰীয়ে । অৱশ্যে ইয়াৰ বাবে বুকিঙৰ প্ৰয়োজন হব । ইতিমধ্যে ৰাজ্যৰ বাহিৰত প্ৰশিক্ষণ গ্ৰহণ কৰি অহা  প্ৰায় ২৬ গৰাকী যুৱক যুৱতী গ্ৰাহকক সেৱা দিবলৈ প্ৰতিটো মুহুৰ্ততে সক্ৰিয় হৈ থাকিব । পৰৱৰ্তী সময়ত এই সুবিধা গুৱাহাটী বাহিৰতো তথা  আশে পাশ এলেকাটো উপলব্ধ থাকিব বুলি দ্যা ক্লিনিং ষ্টেচনৰ চিএমডি ছফিক আলী মিৰ্জাই জানিবলৈ দিছে ।

You might also like