নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাজিৰাত তাই আহোম ছাত্র সন্থাৰ মে-ডাম-মে-ফী উদযাপন

নিয়মীয়া বার্তা, ৩১জানুৱাৰীঃ ছশবছৰীয়া আহোম ৰাজত্বৰ পূৰ্ব পুৰুষসকলক পৰম্পৰাগতভাৱে স্মৰণ কৰাৰ উদেশ্যৰে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নাজিৰা নগৰতো মে-ডাম-মে-ফী উদযাপন কৰা হয় । সদৌ তাই আহোম ছাত্র সন্থাৰ নাজিৰা মহকুমা সমিতিৰ উদ্যোগত নাজিৰাস্থিত  আটাছুৰ কাৰ্যালয় তথা চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তি কাষতেই উদযাপন কৰা মে-ডাম-মে-ফীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বি জে পিৰ শিৱসাগৰ জিলাৰ সমিতিৰ সভাপতি তথা যুৱ নেতা ময়ূৰ বৰগোঁহাইয়ে ভাষণৰত বৰ্তমান স্থাপিত চাওলুং চ্যুকাফাৰ বিসংগতিপূৰ্ণ প্ৰতিমূৰ্তিটো পুনৰ নতুন ৰূপত সজাই পূৰ্বৰ স্থানতেই স্থাপন কৰা হ’ব বুলি ৰাজহুৱাকৈ প্ৰকাশ কৰে । পূৰ্বে এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কোনোলোকৰ পৰা এটকাও বৰঙণি নোলোৱাকৈ চাৰিজন মান যুৱকে সম্পূৰ্ণ নিজাববীয়া খৰচেৰে নিৰ্মাণ কৰি উলিওৱা চ্যুকাফাৰ প্ৰতিমূৰ্তিটোৰ সন্দৰ্ভত বহুলোকে ছচিয়েল মিডিয়াত বেয়াকৈ সমালোচনা কৰাত দুখ প্ৰকাশ কৰি ময়ূৰ বৰগোঁহাইয়ে কয় যে আমাৰ অজানিতে হৈ যোৱা ভুল স্বীকাৰ কৰিছোঁ আৰু তিনিমাহমানৰ ভিতৰতে সুন্দৰ ৰূপত পুনৰ চ্যুকাফাৰ মূৰ্তিটো সজাই তোলা হব বুলিও উল্লেখ কৰে । ভাস্কৰ বৰগোঁহাইৰ সভাপতিত্বত অনুস্থিত মে ডাম মে ফিৰ কাৰ্যসূচীত অংশগ্ৰহণ গ্ৰহণ কৰি অসম চৰকাৰৰ নগৰ উন্নয়নমন্ত্ৰী অশোক সিংঘলে ছশবছৰীয়া আহোম ৰাজত্বৰ পূৰ্ব পুৰুষ সকলক স্মৰণ কৰি কয় যে আজিৰ পৰা এহেজাৰ বছৰ পূৰ্বেই দেখাই যোৱা সমন্বয় আৰু সম্প্ৰীতিৰ ধাৰা আজিও অব্যাহত আছে । যিনেকি ভাৰতৰ প্ৰধানমন্ত্ৰীয়েও তেতিয়াৰ সেই আহোম ৰজাসকলে দেখাই যোৱা চব কা চাথ চব কা বিকাশ কৰ্মৰে আকোৱালি লৈ দেশখনক আগুৱাই নিছে ।

তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ অবিহনেই কেইবাশ বছৰ পূৰ্বে আহোম ৰজাসকলে খন্দাই যোৱা পুখুৰী , পথ, দলং আৰু কীৰ্তি চিহ্নসমূহ আজিও অক্ষত অৱস্থাত আছে আৰু ইয়াৰ পৰাই প্ৰমাণ হয় আহোম ৰাজত্বৰ সেই আহোম ৰজাসকল কিমান বৈজ্ঞানিক ভাবে পাৰ্গত আছিল বুলিও মন্ত্ৰী অশোক সিংঘলে ভাষণৰত উল্লেখ কৰে । উক্ত সভাত সুভাষ দত্ত , গড়গাঁও মহাবিদ্যালয়ৰ অধ্যাপকদ্বয় জিতু শইকীয়া , অনিল তাঁতী ,নাজিৰা শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আৰ্চাজ গোপাল বৰুৱাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি ছশবছৰীয়া আহোম জনগোষ্ঠীৰ ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰা অনুযায়ী পূৰ্ব পুৰুষক স্মৰণ কৰে । ইয়াৰ পূৰ্বে আহোম জনগোষ্ঠীৰ ধৰ্মীয় গুৰু মহন ,দেওধাই , বাইলুং পণ্ডিত পৰিষদৰ দ্বাৰা আহোম ধৰ্মীয় মন্ত্ৰ উচ্চাৰণেৰে স্মৰণ কৰা হয় ।

      চৰিফ আলী , নাজিৰা

You might also like