নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা অসম সাহিত্য সভাৰ অধিৱেশনঃ আজিও নিমন্ত্ৰত নহ’ল অধিৱেশনৰ দাঁতি-কাষৰীয়া বিশিষ্ট কবি-সাহিত্যিক

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশন আজিৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে আৰম্ভ হয়। উল্লেখ্য যে অধিৱেশনৰ দ্বিতীয় দিনা বিশেষ অনুষ্ঠান হিচাপে ৰূপায়ণ কৰিবলৈ লোৱা কবি সন্মিলনলৈ আজিও অধিৱেশনৰ দাঁতি-কাষৰীয়া ভালেসংখ্যক বিশিষ্ট কবিক কবিতা পাঠৰ বাবে আমন্ত্ৰণ নকৰাৰ ধিষ্ঠতাই অসম সাহিত্য সভাৰ লগতে আদৰণী সমিতিৰ কৰ্মকাণ্ড একেমুখে ধিক্কাৰ দিছে বৌদ্ধিক মহলে। আনকি অধিৱেশনৰ মূল মঞ্চত কাইলৈ দিনৰ ১১.৩০ বজাত অনুষ্ঠিত হ’বলগীয়া কবি সন্মিলনৰ উদ্বোধক হিচাপে চিঠিত নাম ছপা হোৱা বিশিষ্ট কবি তথা সাহিত্য অকাডেমি বঁটা প্ৰাপক জ্ঞান পূজাৰী আৰু সঞ্চালক হিচাপে নাম ছপা হোৱা বিশিষ্ট কবি জীৱন নৰহৰ অনুমতি নোলোৱাকৈ কাৰ্যসূচীত নাম ছপোৱাৰ লগতে দুৰ্ভাগ্যজনভাৱে কালিহে জ্ঞান পূজাৰীক নিমন্ত্ৰণী চিঠি এখন প্ৰদান কৰা কাৰ্যই সভাৰ এনে কাণ্ডজ্ঞান হীনতাকে সূচাইছে।

 

ইফালে সামাজিক মাধ্যমত কবি সন্মিলনলৈ সঞ্চালক হিচাপে নিমন্ত্ৰণ কৰা বিশিষ্ট কবি জীৱন নৰহে সামাজিক মাধ্যমত সেই বিষয়ে উল্লেখ কৰি কৈছে যে, ‘অসম সাহিত্য সভাৰ কবি সন্মিলনৰ সঞ্চালক হিচাপে আমাৰ নামটো দেখিলোঁ তিনিদিন মানৰ আগত ভাতৃ বন্ধু এজনে পঠোৱা চিঠিত। তাৰ পাছত বহুতে ফোন কৰিছে সঞ্চালক হোৱাৰ কাৰণে শুভেচ্ছা জনায়। কিন্তু চিঠিখন দেখাৰ আগলৈকে মই কথাটো জনা নাছিলোঁ। বিষয়টো মই জ্ঞাত নহয় অথবা মোক অনুমতি লোৱা নাই। অসম সাহিত্য সভাৰ স’তে জৰিত কবি জেষ্ঠ ভাতৃ এজনে কালি ফোন কৰি জনালে এইবাৰ মোক সঞ্চালক হিচাপে নিৰ্বাচন কৰিছে। তেখেতক বিনম্ৰতাৰে জনাওঁ যে আমি ইতিমধ্যেই চিঠিত নামটো দেখিছোঁ। কিন্তু আমি যে অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিম তেখেতক জনাই দিওঁ। চিঠিত নাম থাকিও অনুষ্ঠানলৈ নগ’ল বুলি বহুতে ভুল বুজিব পাৰে বুলিহে সকলোকে জনালোঁ। কোনোৱে যেন দৃষ্টিকটু মন্তব্য নিদিয়ে অনুৰোধ কৰিলোঁ।’ অন্যহাতে মঞ্চ উদ্বোধক হিচাপে নিমন্ত্ৰণ জনোৱা বিশিষ্ট কবি জ্ঞান পূজাৰীয়ে সাংবাদিকৰ আগত কয় যে, ‘কবি সন্মিলনৰ মঞ্চ উদ্বোধন কৰিবৰ বাবে মোৰ নামটি চিঠিত ছপা হৈছে বুলি ভাইটি এজনৰ পৰা গম পাইছো। সঁচাকৈয়ে যদি মোৰ নামটো ছপা হৈছে সেয়া ভাল কাম হোৱা নাই। কাৰণ তেওঁলোকে মোৰ পৰা অনুমতি লোৱা নাছিল। চিঠিত নামটো ছপা হৈছে বুলি কালিহে গম পাইছো। নিমন্ত্ৰণী চিঠি খনো কালিহে ঘৰত দি গৈছেহি।’ বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। উল্লেখ্য যে এই দুগৰাকী বিশিষ্ট কবিৰ নাম ছপাই তেওঁলোকক এক প্ৰকাৰৰ অপমানহে কৰিছে বুলি বৌদ্ধিক মহলে মত পোষণ কৰিছে।

 

বিপুল কুমাৰ দিহিঙীয়া
You might also like