নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াৰ চাচনীত যুৱতী মহিলাৰ হাতে হাতে ধনু তৰোৱাল গদা: অংশ ল’ব সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাত

নিয়মীয়া বাৰ্তা, ২৭জুলাই :: গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা ।গুৰুজনাৰ এই সৃষ্টি ৰাজিক প্ৰচাৰ আৰু প্ৰসাৰ কৰা উদ্দেশ্যেৰে চাচনীৰ কেইগৰাকী মান মহিলাই হাতত লৈছে এক ব্যতিক্ৰমী পদক্ষেপে। পুৰুষৰ সমান্তৰালকৈ যাতে মহিলা সকলেও ভাওনাত অভিনয় কৰি নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পাৰে তাৰ বাবে দিনে নিশাই আখৰাত ব্যস্ত হৈ পৰিছে যুৱতী আৰু মহিলাৰ এই দলটো। যাৰবাবে হাতত গদা আৰু তৰোৱাল লৈ যুদ্ধৰ আখৰা কৰাৰ লগতে মাজে মাজে ভাওনাৰ বচন আউৰাই গৈছে চাচনীৰ মহিলা আৰু যুৱতীৰ এটা দলে। উল্লেখযোগ্য যে চাচনী প্ৰগতি শিল্পী সমাজৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে চাচনী মহিলা সকলৰ দ্বাৰা অভিনয়ৰে প্ৰদৰ্শন কৰা হব লগা “দক্ষ যজ্ঞ” নামৰ এই ভাওনা খনিত ভগৱান বিষ্ণু, শিৱ, লক্ষী, ইন্দ্ৰ, নাৰদ, তৰাকাখুৰ, জম্ভাসুৰ আদি কৰি বিভিন্ন চৰিত্ৰত অভিনয় কৰিব এই যুৱতী মহিলাৰ দলটোৱে। যাৰ বাবে দিনে নিশাই এনেদৰে আখৰাত ব্যস্ত হৈছে পৰিছে চাচনীৰ মহিলা আৰু যুৱতী সকলৰ দ্বাৰা গঠিত দলটো। প্ৰণিধানযোগ্য যে সুদক্ষ প্ৰশিক্ষকৰ দ্বাৰা প্ৰায় এমাহ ধৰি চলিব লগা এই আখৰা সম্পূৰ্ণৰূপে সফল হলে পৱিত্ৰ ভাদ মাহৰ প্ৰথম সপ্তাহত চাচনীৰ কোনোবা এটি নামঘৰত ভাওনা খনি প্ৰদৰ্শন কৰা হব ।ইয়াৰ ওপৰিও যোৰহাটৰ তিতাবৰত অনুষ্ঠিত হব লগা সদৌ অসম ভিত্তিত অনুষ্ঠিত হব লগা মহিলা ভাওনাৰ প্ৰতিযোগিতাত ও অংশগ্ৰহণ কৰাৰ কথা অৱগত কৰে দলটোৱে। খেতিৰ এই ভৰপুক সময়ছোৱাত পথাৰৰ লগতে নিজৰ ঘৰৰ খনৰ দায়িত্ব পালন কৰি গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনাক প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত চাচনীৰ এই মহিলাই হাতত লোৱা এনে পদক্ষেপে এতিয়া সকলোকে আকৰ্ষিত কৰিছে।

You might also like