নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰি জিলাৰ মাজবাটৰ লামাবাৰীত  বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ 

নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰ:   ওদালগুৰি  জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত      ২০ অক্টোবৰত  “স্বাস্থ্য সেৱা অভিযান” ৰ স্বাস্থ্য পৰীক্ষা শিবিৰ এটি অনুষ্ঠিত হৈ যায় । ওৰাং  খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত   মাজবাটৰ লামাবাৰীত  অনুষ্ঠিত হৈ যোৱা শিবিৰটো উদ্ধোধন কৰে লামাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান  শিক্ষক নিৰঞ্জন  ৰবাই ৷ স্বাস্থ্য পৰীক্ষা শিবিৰটোত  স্ত্ৰী আৰু প্ৰসূতি ,  দাত,অৰ্থপেডিক ৰোগ বিশেষজ্ঞ, শিশু ৰোগ বিশেষজ্ঞ, মেডিচিনৰ বিশেষজ্ঞ আদিৰ লগতে আয়ুৰ্বেদিক, হোমিওপেথিক সহিতে মুঠ ১০ গৰাকীকৈ ডাক্তৰে ৰোগী পৰীক্ষা কৰে। এই শিবিৰটোত প্ৰায় তিনি  শতাধিক ৰোগীক পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ওষধ বিতৰণ কৰা হয় ৷ শিবিৰটোত ভ্ৰাম্যমাণ চিকিৎসা কোষৰ জৰিয়তে বিনামূলীয়াকৈ লেবৰটাৰি সেৱা আগবঢ়োৱা হয়। শিবিৰটোৰ   জৰিয়তে ৰাইজক বিভিন্ন ৰোগ তথা ১০৮  সেৱা সন্দৰ্ভত সজাগ কৰাৰ চেষ্টা কৰা হয়। এই স্বাস্থ্য শিবিৰটোত জিলা প্ৰতিষেধক বিষয়া ডা০ গণেশ ব্ৰহ্ম, ডা০ লক্ষণ বড়ো, ডা০ চন্দন সাহা,ডা০ কবিতা দে,ডা০ খগেন নাথ,ডা০ নবনীতা হাজৰিকা,ডা০ উপমা বসুমতাৰী,ডা০ মল্লিকা বৰ্মন,ডা০ পি বেজবৰুৱা,যতীন বায়নৰ লগতে  চি এইচ ও জ্যোতি প্ৰকাশ ভাস্কৰ,মৌচুমী মোছাহাৰী,মনেশ্বৰী চৌধুৰী,লীলা প্ৰধান,গিতিকা বড়ো, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ প্ৰগ্ৰাম মেনেজাৰ বাছিল টপ্প,  ডিচিএম সঞ্জীৱ কুজুৰ, ৰাষ্ট্ৰীয় বাহক জনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ মেলেৰিয়া বিষয়া যতীন ৰাভা, খণ্ড ব্লক প্ৰগ্ৰাম মেনেজাৰ  ভাৰ্জিল শৰ্মা ,ব্লক ক’অৰ্ডিনেটৰ জুমিশ্ৰী শৰ্মা,ৰাজদ্বীপ বৰা,বিশ্বজিত কলিতা,ডৰথি ডেকা, স্বাস্থ্য কৰ্মী-সাগৰ মোচাহাৰী,দেনী দৈমাৰী,নব বসুমতাৰী,কাষ্টিল দৈমাৰী,সংগীত দাস,উদয় শ’কৰ শৰ্মা,দুলুমনি ভূঞা,ইনামুল হক জাভেদ,হোমেশ্বৰ তালুকদাৰ,নিবেদিতা ভড়ালী,ভূমিকা, চহৰীয়া,এই এনে এম-মেৰিনা বৰা,ৰীতা বড়ো,সুনিতা লোহাৰ,জয়া ৰানী ৰামছিয়াৰী,লগুমনি হেমৰম,ৰীনা দাস,মাইনু দৈমাৰী,মহিমা কুৰ্মী,আশা চুপাৰভাইজাৰ -ৰঞ্জনা দাসৰাভা,অৰ্চনা ডেকা,পাপৰী সন্দিকৈ,ৰেনুটপ্ন,টুলুমনি দেবী ৰাভা,লগতে কেইবাগৰাকীও কমিউনিটী স্বাস্থ্য বিষয়া, এএন এম, আশা কৰ্মীৰ লগতে স্বাস্থ্য বিভাগৰ একাংশ বিষয়া কৰ্মচাৰী উপস্থিত থাকে। তদুপৰি ৰাষ্ট্ৰীয় কুষ্ঠৰোগ নিৰ্মূলকৰণ কাৰ্যসূচী, ৰাষ্ট্ৰীয় যক্ষ্মা ৰোগ নিৰ্মুলকৰণ কাৰ্যসূচী আদিৰ বিষয়া কৰ্মচাৰীও এই শিবিৰ দুটাত অংশগ্ৰহণ কৰি এই ৰোগ সমূহ সন্দৰ্ভত সজাগতা সৃষ্টিৰ চেষ্টা কৰে।চিকিৎসা শিবিৰটোৰ আগতে এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায় ৷
You might also like