নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়া মহাবিদ্যালয়ত বিহু আদৰণি সম্পন্ন

 

 

নিয়মীয়া বাৰ্তা: ১২ এপ্ৰিল: চাওঁতে চাওঁতে অসমীয়াৰ পদূলি মুখ পুৱাহি বাপুতি সাহোন ৰঙালী বিহু উপলক্ষে কালি নাহৰকটীয়া মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হয় বিহু আদৰণি অনুষ্ঠান। মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু মহাবিদ্যালয় পৰিয়ালৰ সহযোগত অনুষ্ঠিত কৰা বাৰেৰহণীয়া এই বৰ্ণাঢ্য কাৰ্যসূচী শুভাৰম্ভ কৰা হয় পৰম্পৰাগত খেল ধেমালি কণী যুজঁ আৰু টেকেলি ভঙা প্ৰতিযোগিতাৰে। মহাবিদ্যালয়ৰ প্ৰশাসনিক সমন্বয়ক ডঃ স্মৃতি ৰেখা গগৈ গায়নে উদ্বোধন কৰা এই কাৰ্যসূচীৰ পিছতেই প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা মূল কাৰ্যসূচী বন্তি প্ৰজ্জ্বলন আৰু উদ্বোধনী বক্তব্যৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰে মুকলি কৰাৰ লগতে আদৰণি বক্তব্য আগবঢ়াই ছাত্ৰ একতা সভাৰ সভাপতি বিতোপন মালে। মহাবিদ্যালয়ৰ ছাত্ৰী সকলে পৰিবেশন কৰা জেং বিহু সমাপ্তিৰ পিছতেই মিন্টু বৰদলৈ আৰু কাশ্মিৰী বৰাই বিহুগীত পৰিবেশনেৰে অনুষ্ঠান জীপাল কৰাৰ অন্তত অনুষ্ঠানটোৰ আটাইতকৈ আকৰ্ষণীয় কাৰ্যসূচী অনুষ্ঠিত কৰা হয় যত হুঁচৰি পৰিবেশন কৰে মহাবিদ্যালয়ৰ সমূহ অধ্যাপক অধ্যাপিকাৰ দ্বাৰা গঠিত ৰংমন হুঁচৰি দলে। উল্লেখযোগ্য যে বাণিজ্য বিভাগৰ ছাত্ৰী সকলে পৰিবেশন কৰা বিহু নৃত্য, ছাত্ৰ ছাত্ৰী সকলে পৰিবেশন কৰা হুঁচৰি আদিৰ লগতে এই কাৰ্যসূচীত কেইবাগৰাকীও অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰীয়ে একক ভাৱে বিহু গীত পৰিবেশন কৰে।

You might also like