নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম ঢকুৱাখনাৰ মৌখোৱাত ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ

 

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিল: ভাৰতীয় জনতা পাৰ্টীৰ ৪৪ তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি ভাৰতীয় জনতা যুৱ মৰ্চা ঢকুৱাখনা জিলা আৰু মণ্ডল সমিতিৰ উদ্যোগত ঢকুৱাখনা অসামৰিক চিকিৎসালয়ৰ সহযোগত পশ্চিম ঢকুৱাখনা পঞ্চায়তৰ অন্তৰ্গত মৌখোৱাত গাঁৱত বিনামূলীয়াকৈ স্বাস্থ্য শিবিৰ আয়োজন কৰা হয়।

৬ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈকে ” সাপ্তাহিক ন্যায় সপ্তাহ” ৰ কাৰ্যসূচীৰ অংশ স্বৰূপে আয়োজন কৰা এই চিকিৎসা শিবিৰত ১০০ শৰো অধিক লোকে অংশগ্ৰহণ কৰে।

জনসাধাৰণৰ মাজত স্বাস্থ্যসন্মত জীৱন যাপন কৰা আৰু স্বাস্থ্যৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে আয়োজন কৰা এই শিবিৰত ভাৰতীয় জনতা পাৰ্টীৰ জিলা সভাপতি প্ৰদীপ চমুৱা,ঢকুৱাখনা মণ্ডল সাধাৰণ সম্পাদক বিষ্ণু দত্ত, মহকুমা আসামৰিক চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া ডাঃ প্ৰদীপ মিলি, যুৱ মৰ্চাৰ সভাপতি বিকুদৰ দাস,সাধাৰণ সম্পাদক মিগম পেগু, অনুসূচিত জাতি মৰ্চাৰ জিলাৰ সভাপতি ধীৰেন দাস,পশ্চিম ঢকুৱাখনা পঞ্চায়ত সভাপতি দুলাল দত্ত, মণ্ডল যুৱ মৰ্চাৰ সভাপতি অনজিৎ পেগু, সাধাৰণ সম্পাদক পলাশ কোঁৱৰ লগতে জিলা আৰু মণ্ডলৰ বহুকেইজন ব্যক্তি উপস্থিত থাকে।

 

প্ৰেৰক ঃ ৰাজেশ বুঢ়াগোহাঞি

You might also like