নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজে এম্বুলেন্স চলাই কভিডমুক্ত ৰোগীক ঘৰত থলেগৈ বিধায়ক মৃণাল শইকীয়াই

নিয়মীয়া বাৰ্তা, ১৩ মে: সঁচা অৰ্থত এগৰাকী জনপ্ৰতিনিধি । প্ৰতিটো দুখৰ সময়ত জনতাৰ কাষত থাকি সাহস দিয়া এগৰাকী বিধায়কৰ প্ৰতিটো কৰ্মক জনতাই পৰিলক্ষিত কৰি কোনোৱে সমৰ্থন জনাইছে আন কোনো লোকৰ বিধায়ক গৰাকীৰ ত্যাগক স্বীকাৰ কৰি আনন্দৰ চকুলো নিগৰিছে । বানপানীৰ সময়ত বানাক্ৰান্ত লোকক উদ্ধাৰ কৰি নিজেই আহাৰ প্ৰস্তত কৰি জনগণৰ আশীষ বুতলিবলৈ সক্ষম হোৱা খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াক মহামাৰী ক’ভিডৰ সময়ত দেখা গ’ল অনন্য ৰূপত ।

কভিডত আক্ৰান্ত হৈ হোম আইচলেশ্বনত থকা আৰু কণ্টেইণ্টমেণ্ট জ’নত থকা শ শ লোকক খাদ্য সামগ্ৰী যোগান ধৰাৰ পিছত আজি দেখা গ’ল আন এটা ব্যতিক্ৰমী ৰূপত । সাধাৰণতে বিধায়ক বুলিলে হাই প্ৰফাইল , বডিগাৰ্ড, বিলাসী বাহনত উঠি বিলাসী জীৱন কটোৱা লোকৰ ছবিকে মনলৈ আহে । কিন্তু খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই আজি নিজেই এম্বুলেন্স চলাই দুগৰাকী কভিড মুক্ত ৰোগীক ঘৰত থৈ অহাৰ বিষয়টো চৰ্চা লৈ আহিছে ।

আজি বিয়লি ২ বজাৰ পৰা সান্ধ্য আইন বলবৎ হ’ল । ঠিক তেনেসময়তে কভিড মুক্ত বুলি ফলাফল আহিল দেৰগাঁৱৰ দুজন ৰোগীৰ নামত । ৰোগৰ পৰা আৰোগ্য হোৱা দুয়োজন ৰোগী ঘৰলৈ যাবলৈ হাতত নাই ফুটাকড়ি এটাও । সান্ধ্য আইনৰ বাবে ব্যক্তিগত বাহন চলাচলতো আহিল বাধা । চৰকাৰী বাহনৰ বাবে দুয়োগৰাকী লোকে কথা বতৰা পাতিলে যদিও নাপালে কোনো সুফল । ভাৰাতীয়া এম্বুলেন্স চিকিৎসালয়ৰ সমুখতে উপলব্ধ যদিও ফুটাকড়ি এটা নথকা লোক দুজনে কি সাহসত দৰ-দাম কৰিব । ইফালে কভিড হাস্পতালৰ পৰাও তেওঁলোকক ঘৰলৈ যাবলৈ অনুমতি দিলে । তেনে সময়ত উপায়ন্তৰ হৈ লোক দুজনৰ পৰিয়ালৰ লোকে যোগাযোগ কৰিলে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ লগত । বিধায়ক গৰাকীয়ে পৰিয়ালকেইটিৰ দুখৰ কথা শুনি নিজেই নিজৰ এম্বুলেন্স চলাই কভিডমুক্ত ৰোগী দুগৰাকীক গোলাঘাট কভিড হাস্পতালৰ পৰা আনি ঘৰত থৈ আহিলে গৈ । দেৰগাঁৱৰ মাহঙিয়াল গাৱৰ তৰুণ হাজৰিকা আৰু তেওঁৰ মাতৃক বিধায়ক গৰাকীয়ে দেখুওৱা এনে মহানুভৱতাক সকলোৱে আদৰণি জনাইছে । ইফালে কভিড ৰোগী এগৰাকী সুস্থ হোৱাৰ পাছত চৰকাৰী ভাৱে ঘৰত থৈ অহাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ প্ৰশাসনক দাবী জনাইছে সাংবাদিক মহলৰ লগতে বিভিন্ন দল সংগঠনে ।

You might also like