নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত দুই বাইক আৰোহী

নিয়মীয়া বাৰ্তা, ১৪ মে: নদী দ্বীপ মাজুলীৰ সৈতে স্থল পথেৰে যাতায়ত কৰিব পৰা একমাত্ৰ জালভাৰী সোমদীয়া লোক নিৰ্মাণ বিভাগৰ পথটোৰ ভাটি জালভাৰীস্থিত চাৰিকড়িয়া নদীৰ ওপৰৰ পকী দলংত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত  মাছখোৱা ধেনুখনা বাটমাৰী চিৰিং গাঁৱৰ পুলক চিৰিং ( ৩৮ ) ৰ লগতে ধুবুৰীৰ চাহাদুল হক ( ৪০ ) নামৰ আন এজন বাইক আৰোহী গুৰুতৰ ভাবে আহত হয় ৷

ঘটনাৰ বিবৰণী মতে ১৪ মে পুৱা ৭ মান বজাত এ এছ ২২ এফ ৩৮৯৪ নম্বৰ পালচাৰ বাইকেৰে সোণাৰি চাপৰি দিশৰ পৰা ঢকুৱাখনা দিশে গৈ থকা বাইকখনে জালভাৰীস্থিত চাৰিকড়িয়া নদীৰ ওপৰত থকা পকী দলঙখনত উঠিবলৈ ঘুৰিব লগা হোৱাত পকী দলংৰ ৰেলিংত খুন্দিয়াই বাগৰি পৰাত দুয়ো গুৰুতৰ ভাবে আহত হয় যদিও চাহাদুল হকৰ অৱস্থা অতি সংকটজনক ৷ পিছত স্বানীয় ৰাইজৰ খবৰৰ ভিত্তিত সোণাৰি চাপৰি আৰক্ষীয়ে ততাতৈয়াকৈ গৈ দুয়োকে ঢকুৱাখনাৰ এফ আৰ ইউ লৈ নিয়ে যদিও চিকিৎসকে দুয়োকে উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ৷ 

 

You might also like