নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উন্নত ফলাফল; ছাত্ৰী বন্দনা ৰাভাই লাভ কৰিলে ডিষ্টিংচন

 

নিয়মীয়া বাৰ্তা:২২ মে : সমগ্ৰ ৰাজ্যখনত আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত শোণিতপুৰ চাৰিদুৱাৰৰ নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ে উন্নত ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে । প্ৰাপ্ত তথ্য অনুসৰি , বিদ্যালয়খনৰপৰা এইবেলি প্ৰথম বিভাগত ১৪ গৰাকীয়ে প্ৰথম বিভাগ , ৪২ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ১৬ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে । ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰী তথা বুঢাগাঁও খৈলামাৰী গাঁৱৰ বাসিন্দা বিপুল ৰাভা আৰু জবা ৰাভাৰ কন্যা বন্দনা ৰাভাই ৮৯ শতাংশ নম্বৰেৰে ডিষ্টিংচনসহ সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । একেদৰে ছাত্ৰী বন্দনা ৰাভাই বৃত্তিমূলক বিষয় ইলেকট্ৰনিক আৰু হাৰ্ডৱেৰ বিষয়ত মুঠ নম্বৰ এশৰ ভিতৰত এশ নম্বৰ লাভ কৰিছে । উক্ত বিষয়টোত এশ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ বাবে বিদ্যালয়খনত বিষয়টোৰ ভকেচনেল ট্ৰেইনাৰ চেলিম ৰেজা মণ্ডলে ছাত্ৰীগৰাকীক শুভেচ্ছা দিয়াৰ লগতে ভৱিষ্যৎ উজ্বল কামনা কৰিছে । ইলেকট্ৰনিক আৰু হাৰ্ডৱেৰ বিষয়ত ২৪ জনকৈ ছাত্ৰ-ছাত্ৰীয়ে লেটাৰ নম্বৰ লাভ কৰিছে । আনহাতে বিদ্যালয়খনৰ ছাত্ৰ- ছাত্ৰী ক্ৰমে দ্বীপাঞ্জলি কোচ আৰু মোহিত থাপাই লাভ কৰিছে ষ্টাৰ নম্বৰ । বিদ্যালয়খনত এইবেলি অন্যান্য বিষয়ৰ লগতে বৃত্তিমূলক বিষয় কৃষিটো বহুকেইজন ছাত্ৰ-ছাত্ৰীয়ে লেটাৰ মাৰ্ক লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে । বিদ্যালয়খনৰ এনে ফলাফলত বিদ্যালয়ৰ অধ্যক্ষৰ লগতে সমূহ শিক্ষাগুৰু, অভিভাৱকে সন্তোষ প্ৰকাশ কৰিছে ।

You might also like