নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ষ্টাৰ নম্বৰেৰে জিলিকিল হ’কাৰৰ পুত্ৰ কপিলজিত

 

 

নিয়মীয়া বাৰ্তা, ২২ মেঃ আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ নম্বৰেৰে উজলিল নতুন বজাৰ কলেজ কলনিৰ দৰিদ্ৰ পৰিয়ালৰ কপিলজিত শইকীয়া৷ উজনি মাজুলীৰ বৰবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ কপিলজিতে অসমীয়াত ৭৮, ইংৰাজীত ৮৫, সাধাৰণ গণিতত ৮০, সাধাৰণ বিজ্ঞানত ৭৫, সমাজ বিজ্ঞানত ৮৯ আৰু হিন্দীত ৮২ নম্বৰেৰে চাৰিটা বিষয়ত লেটাৰ নম্বৰ সহ ৪৮৯ (৮১.৫) শতাংশৰে ষ্টাৰ লৈ উত্তীৰ্ণ হৈ বিদ্যালয়খনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰগৰাকীৰ সাফল্যত অঞ্চলবাসীৰ লগতে পিতৃ-মাতৃৰ মুখত হাঁহি বিৰিঙিছে যদিও আৰ্থিক অনাতনৰ বাবে ছাত্ৰগৰাকীক উচ্চ শিক্ষাৰে শিক্ষিত কৰি তোলাত কপিলজিতৰ পিতৃ পৰাগ (সুন্দৰ) শইকীয়া আৰু মাতৃ প্ৰমিলা শইকীয়া সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে৷ উল্লেখ্য যে কপিলজিতৰ উচ্চ শিক্ষিত পিতৃ সুন্দৰ শইকীয়াই এখন সৰু দোকান আৰু হ’কাৰৰ কাম কৰি অতি কষ্টৰে পৰিয়াল পোহপাল দি আহিছে৷ আৰ্থিক দীনতাক একাষৰীয়া কৰি কেৱল শিক্ষাকে জীৱনৰ ব্ৰত হিচাপে লৈ কঠোৰ পৰিশ্ৰমেৰে জীৱনৰ প্ৰথমটো কঠিন পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কপিলজিতে প্ৰমাণ কৰি দেখুৱালে যে দৰিদ্ৰতা কেতিয়াও সফলতাৰ হেঙাৰ হ’ব নোৱাৰে৷ সু-শিক্ষাৰে শিক্ষিত হোৱাৰ অদম্য হেঁপাহ আৰু দুচকুত অলেখ সপোন লৈ ফুৰা কপিলজিতক তেওঁৰ সফলতাৰ বাবে মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থাই অভিনন্দন জ্ঞাপন কৰিছে৷

 

ৰূপজ্যোতি বৰা, নতুন বজাৰ

 

 

 

 

 

You might also like