নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পথৰ ওপৰত গাড়ী বাগৰি ছজনকৈ লোক আহত

নিয়মীয়া বার্তা, ২৬ জুনঃ দ্ৰুত গতিত গাড়ী চলোৱা আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰনে পথৰ ডিভাইডাৰত ৰিফ্লেকচন চিগনেল লাইট নলগোৱাৰ বাবে এক দূৰ্ঘটনা সংঘটিত হয় নগাঁৱৰ শেনচোৱাত ৷ দুৰ্ঘটনাটোৰ ফলত ছজনকৈ লোক আহত হয় ৷ গুৱাহাটীৰ পৰা যাত্ৰী লৈ নগাঁও হৈ হোজাইলৈ আহি থকা এ এছ ০১ জি চি ৩৮৪১ নম্বৰৰ ট্ৰেভেলাৰ খনে পথৰ মাজত থকা ডিভাইৰডাৰত খুন্দা মাৰি পথৰ ওপৰতে বাগৰি পৰে ৷ গাড়ীখন বাগৰি পৰাৰ পিছত ৰাইজ আৰু আৰক্ষীয়ে দহজন যাত্ৰীৰ ভিতৰত ছজন আহত হোৱাত নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই ৷ উদ্ধাৰ অভিযান চলি থকা সময়তে পিছফালৰ পৰা এ এছ ০২ এ এইছ ১৪৮৪ নম্বৰৰ ছুইফ গাড়ীখনে পৰি থকা ট্ৰেভেলাৰ খনক খুন্দা মাৰে ৷ আৰক্ষীয়ে ছুইফ খনৰ চালক জনক আটক কৰি নগাঁও সদৰ থানালৈ লৈ যায় ৷ দুৰ্ঘটনাটোত আহত ছজন লোকৰ নাম হৈছে ডবকাৰ শঙ্কৰ দাস, হোজাইৰ বিশ্বজিৎ দাস,জুৰীয়াৰ জালাল উদ্দিন,ৰাঙলুৰ আব্দুল হান্নান , ডবকাৰ দিলোৱাৰ হুছেইন,মোৰাঝাৰৰ জমিল হুছেইন ৷

You might also like