নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডত আক্ৰান্ত অধিনায়ক ৰোহিত শৰ্মা

নিয়মীয়া বার্তা, ২৬ জুনঃ ১ জুলাইৰ পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া টেষ্ট মেচৰ পূৰ্বে টীম ইণ্ডিয়াৰ সন্মুখত এক বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। কিয়নো ক’ভিডত আক্ৰান্ত হৈছে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা। টুইটাৰৰ জৰিয়তে আজি বিচিচিআইয়ে এই তথ্য প্ৰকাশ কৰিছে। টুইটত বিচিচিআইৰ হৈ লিখা হৈছে যে শনিবাৰে টিম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাৰ ৰেপিড এন্টিজেন টেষ্ট (RAT) কৰা হৈছিল, য’ত ৰোহিত শৰ্মা ক’ভিড-১৯ পজিটিভ হয়। তেওঁ বৰ্তমান হোটেলত আইছ’লেচনত আছে আৰু বিচিচিআই মেডিকেল টিমৰ তত্বাৱধানত আছে। অৱশ্যে ইংলেণ্ডৰ বিৰুদ্ধে ৰোহিত শৰ্মাই প্ৰথমখন টেষ্টত খেলিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কাৰণ প্ৰথমখন টেষ্টৰ বাবে এতিয়াও প্ৰায় পাঁচ দিন বাকী। যদিহে ৰোহিত শৰ্মাই প্ৰথমখন টেষ্ট মেচ খেলিব নোৱাৰে, তেন্তে টীম ইণ্ডিয়াৰ কমাণ্ড কোনে চম্ভালিব সেয়াও এক চৰ্চাৰ বিষয় হৈ পৰিছে।

You might also like