নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিএফআইক নিষিদ্ধ কৰাৰ সিদ্ধান্তক আদৰণি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ: ‘‘পিএফআই কি কৰি আহিছে সেয়া সংবাদ মাধ্যম, সামাজিক সংগঠন, চৰকাৰৰ বিভিন্ন সংস্থাই বিভিন্ন সময়ত কৈ আহিছে। এইটো বৰ শুভ সংবাদ আমাৰ দেশৰ বাবে যে পিএফআইৰ দৰে এটা ছদ্মবেশী, আমাৰ ৰাষ্ট্ৰীয় একতাৰ বিৰূদ্ধাচাৰণ কৰি থকা দৰে সংগঠন এটা আজিৰ তাৰিখত নিষিদ্ধ ঘোষণা কৰা হ’ল।’’ এইদৰেই আজি ধুবুৰীত সাংবাদিকৰ সন্মুখত পিএফআইক নিষিদ্ধ কৰাৰ কেন্দ্ৰিয় চৰকাৰৰ সিদ্ধান্তক আদৰণি জনায় ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাই।

তেখেতে ল’গতে কয় যে, ‘‘কেৱল ভাৰতবৰ্ষৰে নহয়; অসমৰো যি জাতীয় সত্বা; অসমৰ যি জাতি–ধৰ্ম–বৰ্ণ নিৰ্বিশেষে হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ ধৰ্মীয় –সকলোৱে একত্ৰিত ভাৱে বৰ অসম গঢ়াৰ; ভাৰতৰ এখন অন্যতম শ্ৰেষ্ঠ ৰাজ্য গঢ়াৰ বাবে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিদৰে আগুৱান হৈ গৈ আছে; সেই যাত্ৰাত বাধা দিবলৈ মৌলবাদী মানসিকতাৰে এটা ‘অভাৰ গ্ৰাউণ্ড সংগঠন হিচাবে যিদৰে কাম কৰিছিল সেয়া সকলোৱে জানে। সেয়ে আজি বৰ ভাল দিন যে সংগঠনটো নিষিদ্ধ কৰা হৈছে।

উল্লেখ্য যে, সাংসদ মাৰ্ঘেৰিটাই ধুবুৰীৰ তেতুলতলাস্থিত লায়’নচ ক্লাৱ প্ৰেক্ষাগৃহত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্ম–জয়ন্তীৰ সৈতে সংগতি ৰাখি আয়োজিত এটা প্ৰদৰ্শনীৰ শুভ উদ্বোধন কৰে। সেই অনুষ্ঠানতেই প্ৰধানমন্ত্ৰী মোডীৰ বিগত ২০ বছৰীয়া কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰা Modi@20 শীৰ্ষক এখন গ্ৰন্থৰো উন্মোচন কৰে। আজিৰ সেই প্ৰদৰ্শনীখনত অৰাজনৈতি সাধাৰণ লোক আৰু ছাত্ৰ–ছাত্ৰীসকলৰ বহুল উপস্থিতিক লৈ আনন্দ প্ৰকাশ কৰি মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিৱগৰাকীয়ে সকলোকে প্ৰধানমন্ত্ৰীগৰাকীৰ ওপৰত আয়োজিত সেই প্ৰদৰ্শনীখন চাবলৈ আহ্বান জনায়।

অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like