নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰংজুলিত পোষণ মেলা উদযাপন 

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ:  গোৱালপাৰা জিলাৰ দুধনৈ সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত আজি  ৰংজুলি উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত  ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে বৰ্ণাঢ্য কাৰ্যসূচীৰে পোষন মেলা উদযাপন কৰা হয় ।  দুধনৈ  সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া নীলৎপলা বৰাই আঁত ধৰা অনুষ্ঠানত দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰী, গোৱালপাৰা জিলাৰ অতিৰিক্ত উপায়ুক্ত কল্যাণী কংকনা দাস , ৰংজুলি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া সমৰেন্দ্ৰ শৰ্মা, ৰংজুলিস্থিত সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া, কৰ্মচাৰী, অঙ্গনৱাদী কৰ্মী,সহায়িকা সকল উপস্থিত থাকে । পোষণ মেলাত  থলুৱা শাক -পাচলি , ফল-মূল তথা পুষ্টিকৰ খাদ্য সমৃদ্ধ প্ৰদৰ্শনী মেলাৰো আয়োজন কৰা হয় । দুধনৈ সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া নিলোৎপলা বৰাই অনুষ্ঠানৰ আতঁ ধৰি কয়-  শিশুৰ স্বাস্হ্য ,শিশুৰ পুষ্টিহীনতা,মাতৃৰ  ৰক্তহীনতা ৰোধ , পৰিস্কাৰ পৰিচ্ছন্নতা , শিশুৰ পুষ্টিহীনতা কেনেদৰে আতৰ কৰিব পাৰি এই সমূহ উদ্দেশ্যে আগত ৰাখি এক ছেপ্তেম্বৰৰ পৰা ত্ৰিশ ছেপ্তেম্বৰলৈ ৰাষ্ট্ৰীয় পোষণ মাহ হিচাপে মাহ যোৰা কাৰ্যসূচীৰে পোষন মাহ উদযাপন কৰা হৈছে ।আজিৰ অনুষ্ঠানত পাঁচ গৰাকী গৰ্ভৱতী মহিলা আৰু শিশু সহ পাঁচ গৰাকী মাতৃক বিশেষ ভাবে আমন্ত্ৰণ জনোৱা হয় ।তেওঁলোকক বিধায়ক যাদৱ স্বৰ্গীয়াৰী,অতিৰিক্ত উপায়ুক্ত কল্যাণী কংকনা দাস,খণ্ড উন্নয়ন বিষয়া সমৰেন্দ্ৰ শৰ্মাই একো খনকৈ ফুলাম গামোচা পিন্ধাই পুষ্টিকৰ খাদ্য খুৱাই দিয়ে । ইপিনে অনুষ্ঠানত অঙ্গনৱাদী কৰ্মী,সহায়িকা সকলৰ লগতে কণ কণ শিশু সকলে গীত,নৃত্য পৰিৱেশন কৰে ।
You might also like