নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰজ্ঞা ফাউণ্ডেচন, ধুবুৰী জিলাৰ উদ্যোগত গুৰু পূজন অনুষ্ঠান; জিলাখনৰ বিভিন্ন প্ৰান্তৰ ভিন ভিন ক্ষেত্ৰৰ ১৭ গৰাকী গুৰুক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ:  আজিৰ শিক্ষক দিৱসৰ দিনটোত গুৰু–শিষ্যৰ পৰম্পৰাৰ লগত সংগতি ৰাখি ধুবুৰীস্থ আৰক্ষী ছাউনীত প্ৰজ্ঞা ফাউণ্ডেচনৰ ধুবুৰী জিলাৰ উদ্যোগত ‘‘গুৰু পূজন’’ শীৰ্ষক এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। ভাৰত মাতা পূজনেৰে আৰম্ভ হোৱা আজিৰ সেই কাৰ্য্যসূচীৰ আৰম্ভণীত ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা প্ৰজ্ঞা ফাউণ্ডেচনৰ উপসভাপতি ড৹ ধ্ৰুৱ চক্ৰৱৰ্তীয়ে আদৰণি ভাষণ আগবঢ়ায়। অনুষ্ঠানটোত ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট শিক্ষাবিদ, লোককৃষ্টি বিশাৰদ, নৃত্যাচাৰ্য্য, মৃৎশিল্পীকে ধৰি সৰ্বমুঠ ১৭ গৰাকী গুৰুক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়। মঞ্চত উপবিষ্ট অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানী, ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক ড৹ দ্বিপেন্দ্ৰ অধিকাৰী, বিশিষ্ট নৃত্যাচাৰ্য্য ইৰিকা নন্দী, বিশিষ্ট সংগীত গুৰু নন্দা নিয়োগী প্ৰমুখ্যে প্ৰতুগৰাকী গুৰুক চৰণ ধুৱাই, শিৰত ফুলৰ মালা পৰিধান কৰাই ধূপ–চাকিৰে পূজা কৰা হয়।

সভাখনত বিশিষ্ট বক্তাৰূপে উপস্থিত থকা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ধুবুৰী বিভাগৰ প্ৰচাৰক দিলীপ অৰ্জিতে গুৰু–শিষ্যৰ প্ৰাচীন পৰম্পৰাৰৰ ওপৰত এক মনোজ্ঞ বক্তৱ্য আগবঢ়ায়। অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানীয়ে নিজৰ চমু ভাষণত গুৰুজনা শংকৰদেৱৰ সময়ৰ গুৰু–শিষ্যৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰে। আজিৰ কাৰ্য্যসূচীত উপস্থিত থকা প্ৰজ্ঞা ফাউণ্ডেচনৰ ধুবুৰী জিলাৰ প্ৰভাৰী তথা অসম চলচিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰৰ এক মনোহ্ৰাহী শলাগৰ শৰাইৰ পিছত ‘বন্দে মাতৰম’ গীত পৰিৱেশনেৰে আজিৰ গুৰু পূজনৰ সেই বিশেষ কাৰ্য্যসূচীৰ সামৰণি পৰে। সভাখনত প্ৰজ্ঞা ফাউণ্ডেচনৰ ধুবুৰী জিলাৰ সভাপতি তথা বিশিষ্ট চিকিৎসক ড৹ মৃদুল অধিকাৰী, সীমান্ত চেতনা মঞ্চৰ ধুবুৰী নগৰ সমিতিৰ সভাপতি দিৱস অধিকাৰী আৰু সম্পাদক বিপুল প্ৰসাদ প্ৰমুখ্যে প্ৰজ্ঞা ফাউণ্ডেচনৰ অন্যান্য কাৰ্য্যকৰ্তা আৰু মান্যগণ্য ব্যক্তি উপস্থিত আছিল।

অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like