নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুপথাৰত পথৰ পুথিভঁৰাল মুকলি

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ:  জনসাধাৰণক গ্ৰন্থ অধ্যয়নৰ প্ৰতি অধিক আকৰ্ষিত কৰাৰ লক্ষ্যৰে সৰুপথাৰত প্ৰাণতোষ দাস ফাউণ্ডেচনৰ ব্যতিক্রমী প্ৰয়াস। গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰ নগৰৰ মাজমজিয়াত প্ৰাণতোষ দাস ফাউণ্ডেচনৰ উদ্যোগত আৰু ধনশিৰি মহকুমা আৰক্ষীৰ সহযোগত ৪ ছেপ্তেম্বৰৰ দিনা পথৰ পুথিভঁৰাল উদ্বোধন কৰা হয়।  পথৰ পুথিভঁৰাল উদ্বোধনী অনুষ্ঠানৰ আঁতধৰে প্ৰিয়ম বৰচুতীয়াই। সৰুপথাৰ নগৰৰ গান্ধিমূৰ্তিৰ সমিপত স্থাপিত এই পথৰ পুথিভঁৰাল শুভ উদ্বোধন কৰে গোলাঘাট ডি আৰ কলেজৰ অৰ্থনীতি বিভাগৰ অধ্যাপক দেবজিৎ ফুকন আৰু অসমৰ বিশিষ্ট  সাহিত্যিক কবি নিলীম কুমাৰে। পথৰ পুথিভঁৰাল উদ্বোধনী ভাষণ আগবঢ়ায় গোলাঘাট ডি আৰ কলেজৰ অধ্যাপক দেৱজিৎ ফুকনে। গাম্ভীর্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে অসমৰ অন্যতম কবি মহেশ্বৰ বসুমতাৰী, ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনচেংফা বৰুৱা, ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিণয়ন ভূঞা, গোলাঘাট জিলা সংবাদিক সংস্থাৰ সম্পাদক দীপেন বৰা, ধনশিৰি মহকুমা সাংবাদিক সংস্থাৰ সভাপতি মাখমুদ আলি, উৰিয়ামঘাট প্ৰেছ ক্লাবৰ সম্পাদক, ভাৰতৰ গণতান্ত্ৰিক যুৱফেডাৰেছন জিলা সভাপতি বনিফ্ৰাৰ্ষ্ট গগৈ, অন্যপথ গোষ্ঠীৰ সম্পাদক শোষান্ত কৃষ্ণ শৰ্মা, সদৌ অসম চুতীয়া ছাত্র সন্থাৰ ধনশিৰি মহকুমা সমিতিৰ সভাপতি অভিজিৎ চুতীয়া, সৰুপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণী ডেকা। স্থানীয় গ্ৰন্থঅনুৰাগী ৰাইজে পুথিভঁৰালটোৰ যোগেদি অঞ্চলটোৰ ৰাইজৰ মাজত এটা যুগান্তকাৰী প্ৰভাৱ আৰু বৌদ্ধিক অনুশীলনৰ বাট মুকলি হ’ব বুলি আশা প্ৰকাশ কৰে।

 

 

মাখমুদ আলী সৰুপথাৰ
You might also like