নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰমোদ বড়োৰ কথাৰ মূল্য নাইঃ ইমানুৱেল মুছাহাৰী

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ বিগত লোকসভা, বিধানসভা আৰু পৰিষদীয় নিৰ্বাচনত মই বিজেপি দলৰ হকে কাম কৰি আহিছো। ৰাইজৰ মতামত লৈয়ে এইবেলি নিৰ্বাচনত অৱতীৰ্ণ হৈছো আৰু জিকাটোও এশ শতাংশ নিশ্চিত।”- এই মন্তব্য তামুলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা উপ-নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী ইমানুৱেল মুছাহাৰীৰ।

আজি সমষ্টিটোৰ অন্তৰ্গত শুক্লাই ষ্টেডিয়ামত অনুষ্ঠিত এক ফুটবল প্ৰতিযোগিতা উদ্বোধন কৰি এনেদৰে কয় মুছাহাৰীয়ে। আনহাতে সাংবাদিকে প্ৰমোদ বড়োৰ প্ৰসংগ উত্থাপন কৰি তেওঁ বিপিএফৰ ব্লেক টিকট লৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত প্ৰমোদ বড়োৰ কথাৰ কোনো মূল্য নাই বুলি তীৰ্যক মন্তব্য কৰি তেওঁ কি কয় কি বুজে কোনো ঠিক নাই বুলি উল্লেখ কৰে।

আনহাতে তামুলপুৰ সমষ্টিত এইবেলি প্ৰকৃত বিজেপিয়ে ইউপিপিএলক ভোট নিদিয়ে আৰু দৰকাৰো নাই বুলি উল্লেখ কৰি তেওঁ পুণৰ কয় যে বিজেপিয়ে তেওঁক টিকট দিয়াহেঁতেন প্ৰমোদ বড়োৰ এটা ভোটো তেওঁৰ প্ৰয়োজন নাথাকিলহেঁতেন বুলি কয়।

ইপিনে বিজেপি- ইউপিপিএলৰ মিত্ৰতাৰ প্ৰসংগ উত্থাপন কৰি তেওঁ জিএছপিয়ে নিজাববীয়া প্ৰাৰ্থী দিয়া সত্বেও প্ৰমোদ বড়ো মৌন হৈ থকা বুলি কয়। ইউপিপিএলক সমষ্টি এৰি দিয়াৰ ক্ষেত্রত ৯০% বিজেপি কৰ্মী অসন্তুষ্ট হৈ আছে বুলি কৈ ৰাইজৰ আশীৰ্বাদ শিৰত লৈ তেওঁৰ বিজয় নিশ্চিত বুলি দাবী কৰি প্ৰমোদ বড়ো চৰকাৰক ছাত্ৰ সন্থাৰ চৰকাৰ আখ্যা দিয়ে। ইউপিপিএল দলে দুৰ্বল প্ৰাৰ্থী থিয় কৰোৱা বুলি উল্লেখ কৰি এই এই ক্ষেত্ৰত প্ৰমোদ বড়োক সংবাদ মাধ্যমযোগে ধন্যবাদ জনায়।

Input-প্ৰকাশ পৌড়েল, নাওকাটা

You might also like