নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাত ১৩৫ খন পূজা মণ্ডপত অনুষ্ঠিত হ’ব দুৰ্গোৎসৱ

ভক্তক আদৰিবলৈ সাজু টুক্ৰেশ্বৰী দেৱালয়

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ: কাইলৈ মহাষষ্ঠী ৷ ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা হ’ব দেৱী দুৰ্গা। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গোৱালপাৰা জিলাবাসীয়ো কভিডৰ নীতি-নিৰ্দেশনা অনুসৰি দেৱী দুৰ্গাক আৰাধনা কৰিবলৈ সম্পূৰ্ণ সাজু ৷ সমগ্ৰ জিলাখনতে এইবাৰ প্ৰায় ১৩৫ খন পূজা অনুষ্ঠিত হব ৷ তাৰ ভািতৰত গোৱালপাৰা চহৰত সৰ্বাধিক ৩০ খন ৷

ইতিমধ্যে আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে প্ৰতিখন পুজা মণ্ডপ৷ অৱশ্যে প্ৰায় সংখ্যক পূজা সমিতিয়ে কভিড প্ৰটকল অনুসৰি অনুষ্টুপীয়াকৈ দেৱী দুৰ্গাপুজাৰ আয়োজন কৰিছে ৷ গোৱালপাৰা চহৰৰ ঐতিহ্যমণ্ডিত চকবজাৰ পূজা সমিতিয়ে এইবেলি “কৈলাশধাম”ৰ আৰ্হিত আকৰ্ষনীয় পুজা মণ্ডপ নিৰ্মাণ কৰি ভক্তক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছে। চকবজাৰ-কলিতাপাৰাৰ স্থানীয় থলুৱা শিল্পীসকলে দিনেনিশাই লাগিভাগি নিৰ্মাণ কৰিছে কৈলাশধামৰ আৰ্হিত পুজা মণ্ডপ ৷ য’ত দেৱাদি দেৱ শিৱক সুন্দৰ ৰূপত উপস্হাপন কৰাৰ লগতে শিৱৰ হাতত থকা ডম্বৰু কেবাটাও স্থাপন কৰিছে৷

তাৰোপৰি চহৰৰ অশোকনগৰ পূজা সমিতি, টিলাপাৰা সাৰ্বজননীন পূজা সমিতি, নিউ গোৱালপাৰা নেপালী মন্দিৰ পূজা সমিতি, দুৰ্গামন্দিৰ সাৰ্বজননীন পূজা সমিতি সমুহে আকৰ্ষণীয় পুজা মন্দপৰে পুজা অনুষ্ঠিত কৰিছে ৷ জিলাখনৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী টুক্ৰেশ্বৰী দেৱালতো ৰজাদিনীয়া পৰম্পৰা অনুসৰি অনুষ্ঠিত হব দুৰ্গা পূজা ৷ ৰাজা দিনীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি শাৰদীয় দূৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ সাজু গোৱালপাৰাৰঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয় ৷

মৃন্ময় মূৰ্ত্তি অবিহনে জাকজমকতা বিহীন ভাবে দূৰ্গা পূজা হৈ আহিছে তাহানিৰ বিজনী ৰজা কুমুদ নাৰায়নৰ দিনৰে পৰা ৷ ১৭০০ শতিকাত কুমুদ নাৰায়ণে দেৱালয় খনত আৰম্ভ কৰিছিল শাৰদীয় দূৰ্গা পূজাৰ ৷ তেতিয়াৰ পৰা আজিলৈকে ৰাজা দিনীয়া ৰীতিনীতিৰে হয় এই পূজা ৷মহা নৱমীৰ বিশেষ তাৎপৰ্য বহন কৰি অহা এই দেৱালয়খনত এইবেলি ৫ টাকৈ মহ বলিৰ লগতে হাহ, পাৰ আদি বলি দিয়া হব ৷ পৰম্পৰা অনুসৰি মহ বলীৰ বলীৰ তেজ পান কৰিব দেৱালয়ৰ কপি কুলে ৷ জিলাখনত এইবেলি শাৰদীয় দুৰ্গোৎসৱৰ বাবে জিলা প্ৰশাসন তথা আৰক্ষীয়ো সম্পূৰ্ণ সাজু৷ প্ৰতিখন পুজা মণ্ডপ আৰক্ষীৰ নিৰীক্ষণত থকাৰ লগতে যানযঁটৰ ক্ষেত্ৰত আৰক্ষী অধিক তৎপৰ হব বুলি আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীয়ে জানিবলৈ দিছে ৷

Input: উদিত নাৰায়ণ কলিতা, গোৱালপাৰা

You might also like