নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ 

 

নিয়মীয়া বাৰ্তা ,২৯ মাৰ্চ :-ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ বিৰুদ্ধে ৰঙিয়াত আজি কংগ্ৰেছ দলে প্ৰতিবাদ সাব্যস্ত কৰে । কংগ্ৰেছ দলৰ এছ চি , এছ টি শাখাৰ সহযোগত কামৰূপ গ্ৰাম্য কংগ্ৰেছৰ উদ্যোগত গান্ধী মণ্ডপৰ সন্মুখত দলটোৱে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে । দলটোৱে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যৰ্পন কৰি আৰম্ভ কৰা প্ৰতিবাদী কাৰ্য্যসূচীত চি পি এম আৰু আম আদমী পাৰ্টিয়ে অংশ গ্ৰহণ কৰে । প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰে স্বেচ্ছাচাৰী শাসন চলোৱা বুলি অভিযোগ তোলে । প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে’কাৰ্ডলৈ ৰাহুল গান্ধীক সাংসদ পদ খাৰিজ কৰাৰ পুৰ্ণ বিৰোধিতা কৰি গণতন্ত্ৰ ৰক্ষাৰ ধ্বনি দিয়ে ।

ফাৰুক হুছেইন , ৰঙিয়া ।

You might also like