নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ কালিয়াবড়ীত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উন্নয়ণ পূজিৰে নিৰ্মিত পকী বেৰ আনুষ্ঠানিক উদ্বোধন

 

 

নিয়মীয়া বাৰ্তা, ২১ মে’ – ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ এলেকাত উন্নয়নৰ পূজিৰে নিৰ্মিত পকী বেৰ আৰু লোৰ গেট এখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে সুমিত ৰাভাই। উল্লেখ্য যে ; কামৰূপ জিলাৰ বকোৰ কালিয়াবড়ীত কলীয়া গোঁসাই থানৰ চৌহদত নিৰ্মিত পকী বেৰ আৰু লোৰ গেট এখন আনুষ্ঠানিক ভাৱে আজি বিশেষ মাংগলিক ৰীতি নীতিৰে উদ্ধোধন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভাই। পৰিষদৰ ২৭ নং বকো পৰিষদীয় সমষ্টিৰ কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভাই আনুষ্ঠানিক ভাৱে পকী বেৰ আৰু লোৰ গেট উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ আঁচনি পৰিকল্পনা কৰা সমিতিৰ সভাপতি বিষ্ণু লাল চেত্ৰী ; সম্পাদক অমৰেন্দ্ৰ অধিকাৰী ; ১০ নং দক্ষিণ বকো গাওঁ পঞ্চায়তৰ সভাপতি গণেশ ৰাভা ; যুৱ সমাজ কৰ্মী তথা ব্যৱসায়ী অনিল দাস ; পদ্মলোচন দাস ; কালিয়াবড়ী গাওঁ উন্নয়ন সমিতিৰ সভাপতি বিপুল দাস ; ৰা: হা: স্বা: প: সমষ্টিৰ পৰিচালনা সমিতিৰ কেৱাজনো বিষয় ববীয়া ; কালিয়াবড়ী গাওঁৰ বহু সংখ্যক পুৰুষ মহিলাৰ উপৰিও যুৱ সাংবাদিক বিষ্ণু ৰাম দাস আৰু কুলেন্দু কলিতা উপস্থিত থাকে। পকী বেৰ উদ্ধোধনী অনুষ্ঠানত সুমিত ৰাভাই পৰৱৰ্তী সময়ত গাওঁৰ উন্নতিকৰণ বাবে আঁচনি গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে।

প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।

You might also like