নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাওবৈচা শিক্ষাখণ্ডৰ দিব্যাংগ শিশুৰ মাজত সহায়ক সঁজুলি বিতৰণ

নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চ:  লখিমপুৰ জিলাৰ  সমগ্ৰ শিক্ষাৰ উদ্যোগত নাওবৈচা শিক্ষা খণ্ডৰ অধীনস্থ সৰ্বাত্মক শিক্ষা গোটৰ  সহযোগত যোৱা ২৫ ফেব্ৰুৱাৰীত শিক্ষা খণ্ডটোৰ অধীনস্থ দিব্যাংগ শিশু সকলৰ মাজত সহায়ক সা-সঁজুলি বিতৰণ কৰা হয়। এই উদ্দেশ্য আয়োজিত সভাখনৰ সভাপতিত্বত কৰে শিক্ষাখণ্ডটোৰ অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া অৰূপজ্যোতি ভূঞাই। সৰ্বাত্মক শিক্ষা গোটৰ   সমল ব্যক্তি শ্যামন্ত বৰদলৈয়ে আঁত ধৰা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নাওবৈচা জিলা পৰিষদৰ সদস্য গহীন বৰাই চৰকাৰে দিব্যাংগ শিশু সকললৈ আগবঢ়োৱা এই সহায়ক সঁজুলি সমূহে দিব্যাংগ শিশু সকলৰ জীৱন মান দণ্ড উন্নত কৰাৰ লগতে বহু সহায় কৰিব বুলি উল্লেখ কৰি নাওবৈচা শিক্ষা খণ্ডত  এই সকল দিব্যাংগ শিশুৰ বাবে চৰকাৰে এটি ফিজিঅথেৰাপি কেন্দ্ৰ গঢ়ি তুলি শিশুসকলক আৰু অধিক সহায় কৰিবলৈ তেওঁ  আহ্বান জনায়। সভাখনত নাওবৈচা শিক্ষা খণ্ড নৱ নিযুক্ত শিক্ষা বিষয়া গুনীন দত্ত,নাওবৈচা মণ্ডল বিজেপিৰ সভাপতি ৰঞ্জিত পাৱে, নাওবৈচা খণ্ডৰ  শিক্ষা চক্ৰৰ সম্পাদক শশাংক বৰা , মধ্য নাওবৈচা  গাঁও পঞ্চায়তৰ সভানেত্রী আঁজুমণি বৰুৱা, আঞ্চলিক সদস্যা অনু বৰা উপস্থিত থাকি ভাষণ প্ৰদান কৰে। সৰ্বাত্মক শিক্ষা বিভাগৰ সমল ব্যক্তি সুৰজ দত্তৰ সামগ্ৰিক পৰিচালনাত অনুষ্ঠিত হোৱা সভাখনত ১৩ গৰাকী শিশুক হুইল চেয়াৰ, ১২ গৰাকীক চিপি চেয়াৰ, এজনক ট্ৰাই চাইকেল, ৬জনক এম আই এছ ডি কীট, ৪জনক এলৱু ক্ৰাক্স সহ মুঠ ৩৩ জন দিব্যাংগ শিশুৰ মাজত এই সহায়ক সঁজুলি সমূহ বিতৰণ কৰে।
You might also like