নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ শোলা পথাৰত ছাগলীয়ে কঠিয়া খোৱা কাণ্ডক লৈ মাৰপিট: মৃত্যু এজনৰ

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চ – এক জঘন্য তথা হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত শোলা পথাৰত। এডল ধনৱান আৰু জনবল থকা অমানুহৰ অত্যাচাৰত প্ৰাণহানি হ’ল এগৰাকী নি:কিন মহিলাৰ। প্ৰাপ্ত তথ্য অনুসৰি ; শোলা পথাৰৰ অতি দৰিদ্ৰ পৰিয়ালৰ মহিলা ভানুমতী ৰায়ক অতি নিৰ্মম ভাৱে শাৰীৰিক মানসিক অত্যাচাৰ কৰি মৃত্যুৰ মুখলৈ পঠিয়ালে। আজি পৰিয়ালৰ লোকে সংবাদ মাধ্যমত জনোৱা মতে ; চুবুৰীয়া ভেৱল মণ্ডলৰ ভেড়া ছাগলীয়ে ভানুমতী ৰায়ৰ পৰিয়ালৰ কঠিয়া খাই অনিষ্ট সাধন কৰে। এই কথা অৱগত কৰাত খঙত হিতাহিত জ্ঞান হেৰুৱায় ভেৱল মণ্ডল আৰু পুত্ৰ বাসুদেৱ মণ্ডল সহ পৰিয়ালৰ প্ৰায় এঘাৰ গৰাকী সদস্য ই লগ লাগি ভানুমতী আৰু পুত্ৰ ৰঞ্জিত ৰয়ক গুৰুলা গুৰুলকৈ মাৰপিট কৰে। এই মাৰপিটৰ ঘটনাত ভানুমতী ৰায় গুৰুতৰ আঘাত পায় আৰু মেডিকেলত চিকিৎস্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।

ইফালে এই ঘটনাৰ বিষয়ে বকো আৰক্ষী থানা আৰু ছমৰীয়া আৰক্ষীৰ পহৰা চকীত পৃথক পৃথক এজাৰৰ দিয়াৰ পিছতো ভুক্তভোগী পৰিয়ালে ন্যায় নাপালে। ইফালে অপৰাধী ভেৱলৰ পৰিয়ালে ৰঞ্জিত ৰায়ৰ পৰিয়ালক প্ৰাণেমাৰাৰ ভাবুকি দি ফুৰিছে। আজি সংবাদ মাধ্যমৰ আগত প্ৰয়াত ভানুমতী ৰায়ৰ পুত্ৰ ৰণজিৎ ৰায়ে জানিব দিয়ে যে ; ভেৱল মণ্ডলৰ পৰিয়ালৰ লগত পূৰ্বৰ পৰাই খেতি পথাৰক লৈ কাজিয়া পেচাল চলি আছিল। যোৱা ১০ জুন ২০২২ তাৰিখেও পথাৰত চেলু পাইপ ভঙা ঘটনাৰ ওপৰত প্ৰথমতে তৰ্ক যুদ্ধ পাছত নেপাল মণ্ডল ; বিশ্বজিৎ ; বিখুল ; সান্ত্বনা ; মঙ্গল ; দীগন্ত ; মুংলী ; ভেৱল ; বাসুদেৱ ; মানৱ আৰু মঞ্জু ( সকলোৰে উপাধি মণ্ডল ) মিলি ৰণজিৎ আৰু ভানুমতী ৰায়ক নিৰ্মম ভাৱে মাৰপিট কৰে বুলি ১১ জুন ২০২২ তাৰিখে বকো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। কিন্তু আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াৰ কথা উল্লেখ কৰে ভুক্তভোগী পৰিয়ালৰ লোকে। ইয়াৰ পিছতে ঘটনা সংক্ৰান্তত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় এজাহাৰ দাখিল কৰে ছমৰীয়া আৰক্ষী পহৰা চকীত। ছমৰীয়া আৰক্ষীৰ পৰাও কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰিলে। এতিয়া প্ৰাণৰ সংশয়ত ভুগিছে ৰণজিৎ ৰয়ৰ পৰিয়ালে। গতিকে বিষয়টোত প্ৰসাশনে গুৰুত্ব নিদিলে ভয়ংকৰ পৰিবেশ সৃষ্টি হোৱাৰ আকাংশা কৰিব পাৰি।

প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।

You might also like