নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডায়েট’ত তিনি দিনীয়া প্ৰশিক্ষণৰ সামৰণি

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ ‘ সাম্প্ৰতিক সময়ত ছাত্ৰ ছাত্ৰী সকলক যুগৰ সৈতে ফেৰ মাৰি চলিবলৈ কেবল পুথিগত জ্ঞানেই শিক্ষাই যথেষ্ট নহয়। নদীত কিদৰে সাঁতুৰিব পাৰি সেয়া শ্ৰেণী কক্ষত কলম- কাগজেৰে শিকনি দিয়াতকৈ পুখুৰী বা নদীত সাঁতুৰিবলৈ ব্যৱহাৰিক জ্ঞান দিয়াতো অধিক ফলপ্ৰসু। এই মন্তব্য অৱসৰী কৃতি শিক্ষক গোপাল চন্দ্ৰ দেৱৰ। ধেমাজি ডায়েটত তিনি দিনীয়াকৈ অনুষ্ঠিত ‘ কুৱেশ্বন পেপাৰ ডিছাইনিং এণ্ড ব্লুপ্ৰিণ্ট প্ৰিপাৰেচন ‘ শীৰ্ষক এক প্ৰশিক্ষণত অতিথি হিচাপে উপস্থিত থাকি তেওঁ এইদৰে কয়। উল্লেখ যে বিষ্ণুপুৰ শিল আলিস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত (ডায়েট) তিনি দিনীয়াকৈ অনুষ্ঠিত গুৰুত্বপূৰ্ন প্ৰশিক্ষণ টোৰ আজি সামৰনি পৰিল । শিক্ষক-শিক্ষাৰ্থী সকলৰ সহায়ক হোৱাকৈ আয়োজিত প্ৰশিক্ষণৰ অনুষ্ঠান উদ্বোধন কৰি প্ৰতিষ্ঠানৰ অধ্যক্ষ হৰিনাথ বৰাই__আমাৰ দেশত এতিয়াও সময়োপযোগী শিক্ষাই সামৰিব পৰা নাই সকলোকে । সঠিক শিক্ষাৰ অভাৱৰ বাবেই পশ্চিমীয়া দেশৰ সৈতে উন্নয়নৰ ক্ষেত্ৰত ফেৰ মাৰিব পৰা নাই বুলি মন্তব্য কৰে। মূল্যায়নৰ বাবে ব্লুপ্ৰিণ্ট বা আৰ্হি প্ৰশ্নকাকত অতিশয় গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি __উত্তৰ দিয়াতকৈ প্ৰশ্নকাকত প্ৰস্তুত কৰাটো অত্যন্ত কঠিন কাৰ্য। বিজ্ঞান সন্মত আৰু ষ্পষ্ট – সঠিক প্ৰশ্নকাকত প্ৰস্তুতিৰ বাবে ব্লুপ্ৰিণ্ট লাগিবই বুলি সদৰি কৰি প্ৰশ্নকাকতৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে। প্ৰতিষ্ঠানৰ প্ৰৱক্তা তথা প্ৰশিক্ষণৰ সমন্বয়ক মায়াশ্ৰী চেতিয়া ফুকনে আঁতধৰা অনুষ্ঠানৰ কাৰ্যসূচীত সমল ব্যক্তি ৰুপে উপস্থিত প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰৱক্তা জুনিচ পাতিৰ,বিবিমণি গগৈ,শিখামণি বুঢ়াগোহাঁই, প্ৰভাত মৰাং,মায়াৰানী পাৱে,দিব্যজ্যোতি গগৈ ভুৱনেশ্বৰ ইংতি,পবিত্ৰ কুমাৰ দাস,শিক্ষাৰ্থী বিতু বৰুৱা, পৰাগ জ্যোতি নেওঁগ,অংকুৰ বিশ্বকৰ্মা আদি উপস্থিত থাকি কেইবাজনেও প্ৰশ্নকাকতৰ নক্সা আৰু প্ৰস্তুতকৰণৰ ওপৰত বহু গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰাৰ লগতে ইয়াৰ কৌশলৰ ওপৰতো সাৰুৱা বক্তব্য প্ৰদান কৰে। সমল ব্যক্তি সকলে শিক্ষক প্ৰশিক্ষাৰ্থী সকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰো প্ৰদান কৰে। তিনিদিনীয়া প্ৰশিক্ষণত অংশ লোৱা প্ৰশিক্ষাৰ্থী সকলক প্ৰতিষ্ঠানৰ পৰা একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।
You might also like