নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিবাদী মল্লযুঁজাৰুক সমর্থনঃ যন্তৰ মন্তৰত সমৱেত হ’ব হাজাৰ হাজাৰ কৃষক

নিয়মীয়া বাৰ্তা, ৭ মে’: ৰেষ্টলিং ফেডাৰেচন অৱ ইণ্ডিয়া, চমুকৈ ডব্লিউএফআইৰ মুৰব্বী তথা বিজেপি সাংসদ ব্রিজ ভূষণ সিঙৰ যৌন নির্যাতনৰ ন্যায় বিচাৰি দেশৰ ৰাজধানী নতুন দিল্লীৰ যন্তৰ মন্তৰত প্রতিবাদ সাব্যস্ত কৰি থকা দেশৰ গৌৰৱ মহিলা মল্লযুঁজাৰুৰ সমর্থনত কাইলৈ যন্তৰ মন্তৰত সমৱেত হ’ব হাজাৰ হাজাৰ কৃষক৷ দেশৰ কৃষক সংগঠনৰ একত্রিত মঞ্চ সংযুক্ত কিষাণ মর্চাই কাইলৈ মহিলা মল্লযুঁজাৰুৰ প্রতিবাদত সমর্থন জনাই যন্তৰ মন্তৰত সমৱেত হৈ ডব্লিউএফআইৰ মুৰব্বী সিঙক গ্রেপ্তাৰৰ প্রতিবাদ জনাব৷ সংযুক্ত কিষাণ মর্চাৰ পঞ্জাব, হাৰিয়ানা, দিল্লী আৰু উত্তৰ প্রদেশৰ পশ্চিম প্রান্তৰ কৃষক নেতাৰ লগতে হাজাৰ হাজাৰ কৃষক যন্তৰ মন্তৰত সমৱেত হ’ব৷ পৰৱর্তী প্রতিবাদী কার্যসূচী হিচাপে অহা ১১–১৮ মে’ত সংযুক্ত কিষাণ মর্চাই দেশৰ প্রতিখন ৰাজ্যৰ ৰাজধানী আৰু জিলা মুখ্য কার্যালয়ত ডব্লিউএফআইৰ মুৰব্বী সিঙক গ্রেপ্তাৰৰ দাবীৰে বিক্ষোভ প্রদর্শন কৰিব৷ সংযুক্ত মর্চাই অভিযোগ কৰা মতে, দিল্লী আৰক্ষীয়ে প্রতিবাদী মল্লযুঁজাৰুৰ বুনিয়াদী নাগৰিক অধিকাৰক খর্ব কৰি সংবেদনশীল বিষয় এটাত অভিযুক্তৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাই৷ ডব্লিউএফআইৰ মুৰব্বীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ নির্দেশত দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ পিছতো কিয় অভিযুক্ত সিঙৰ বিৰুদ্ধে এতিয়ালৈকে ব্যৱস্থা কৰা নাই বুলি প্রশ্ণ উত্থাপন কৰিছে সংযুক্ত কিষাণ মর্চাই৷ উল্লেখ্য যে দেশৰ শীর্ষ মল্লযুঁজাৰু, আন্তর্জাতিক প্রতিযোগিতাত পদক বিজয়ী বজৰং পুনীয়া, ভিনেশ ফ’গট, সাক্ষী মালিক আৰু অনেকজন মল্লযুঁজাৰুৱে প্রতিবাদ সাব্যস্ত কৰি আছে যদিও এতিয়ালৈকে কেন্দ্রীয় চৰকাৰে আওকাণ কৰি আহিছে৷

You might also like