নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঁহী নির্মাণ কৰি জগত জিনিছে তিতাবৰৰ চন্দনে

নিয়মীয়া বাৰ্তা,২ ডিচেম্বৰঃ চন্দন শইকীয়া যোৰহাট জিলাৰ তিতাবৰৰ মিলন নগৰৰ এটা সাধাৰণ খেতিয়ক পৰিয়ালৰ সন্তান ৷ এই যুৱকগৰাকীয়ে তিতাবৰৰ দৰে এখন পিছপৰা ঠাইৰ পৰা নিজৰ একাগ্রতা আৰু শৃংখলাবদ্ধ জীৱন, কর্মস্পৃহাৰে বাঁহী বজাই আৰু বাঁহী বনাই সফলতাৰ জখলা বগাই আজি জগত জিনিবলৈ ওলাইছে ৷ এটা সাধাৰণ পৰিয়ালৰ সন্তান চন্দন শইকীয়া বর্তমান অসমৰ এগৰাকী জনপ্রিয় বাঁহীবাদক হোৱাৰ লগতে বহু পৰিশ্রমেৰে নিজ হাতেৰে নির্মাণ কৰা বাঁহী ভাৰতৰ প্রখ্যাতবাঁহীবাদক গ্রহণ কৰাৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ খ্যাতিসম্পন্ন বাঁহীবাদকসকলৰ উপৰি বিশ্বৰ প্রসিদ্ধ বাঁহীবাদকগৰাকীয়েও চন্দনৰ বাঁহীত সুৰৰ লহৰ তুলি আহিছে ৷ তিতাবৰ মিলন নগৰৰ প্রয়াত নৃপেন শইকীয়া আৰু ৰিণো শইকীয়াৰ পুত্র চন্দন শইকীয়া ৷

চন্দনে জানিবলৈ দিয়া মতে, তেওঁ নিজ হাতেৰে নির্মাণ কৰা বাঁহী দীপক শর্মা, পৰমেশ্বৰ বসুমতাৰীয়ে ব্যৱহাৰ কৰি সুৰৰ লহৰ তুলি আহিছে ৷ ইয়াৰ উপৰি চন্দনৰ বাঁহী আমেৰিকা, লণ্ডন, জার্মান, চীন, থাইলেণ্ডকে আদি কৰি বিশ্বৰ বিভিন্ন দেশলৈ তিতাবৰৰ ঘৰখনৰ পৰা সৰবৰাহ কৰে ৷

You might also like