নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাসুগাঁও ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটি ফুলে-ফলে জাতিষ্কাৰ কৰি তোলাৰ আপ্ৰাণ প্ৰচেষ্টা এগৰাকী চিকিৎসকৰ

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰ: বাসুগাঁও চহৰক কেন্দ্ৰ কৰি বৃহত্তৰ অঞ্চলৰ ৰাইজে চিকিৎসা সেৱা লাভ কৰাৰ উদ্দেশ্যে বাসুগাঁও ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৰোগীয়ে ৰাতিপুৱাৰ পৰাই ভিৰ কৰে । পৰ্যাপ্ত চিকিৎসক, নাৰ্চ অবিহনে দিনে-নিশাই চিকিৎসা সেৱা আগবঢ়াই অঞ্চলবাসীৰ মন জয় কৰিবলৈ সক্ষম হয় চিকিৎক গৰাকী । ১৯৫৪ চনতে স্থাপিত অতি ঠেক আৰু পানী জমা হোৱা ঠাইত অৱস্থিত যদিও ভাৰপ্ৰাপ্ত চিকিৎক গৰাকীৰ আপ্ৰাণ চেষ্টাত স্বাস্থ্য কেন্দ্ৰটিৰ চৌহদত আটক ধুনীয়া ফুলনি বাগিছা, শিশু উদ্যান, প্ৰসুতি গৃহ, স্বাস্থ্য ৰক্ষাৰ বাবে বেটমিণ্টন খেল পথাৰ, বিভিন্ন ঔষধি গছৰ বাগিছা, বিভিন্ন পেলনীয়া সামগ্ৰীৰে পচন সাৰ তৈয়াৰ কৰা, বৰষুণৰ পানী জমা কৰি বিভিন্ন কামত লগোৱা ইত্যাদি আটক-ধুনীয়াকৈ সজাই-পৰাই এক আদৰ্শ স্বাস্থ্য কেন হিচাপে নিৰ্মাণ কৰাত স্থানীয় বিধায়ক তথা চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক আগুৱাই আহিবলৈ ভাৰপ্ৰাপ্ত চিকিৎক গৰাকীয়ে আহ্বান জনায় ।

You might also like