নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত মাটি বেদখলেৰে অবৈধভাৱে চলোৱা দোকানগৃহৰ নিৰ্মাণকাৰ্য বন্ধৰ দাবী আমছুৰ 

জিলা উপায়ুক্তলৈ স্মাৰকপত্ৰ

নিয়মীয়া বাৰ্তা ১১আগষ্টঃ  চিৰাং জিলাৰ বিজনী চহৰৰ মাজমজিয়াৰ বিজনী-গেৰুকাবাৰী পথস্থিত অসম শক্তি বিতৰণ কোম্পানী পৰিসীমিত তথা এপিডিএলৰ সন্মুখৰ মাটি একাংশ লোকে অবৈধভাৱে বেদখল কৰি দোকানগৃহ নিৰ্মাণৰ কাম চলাই নিয়াক কেন্দ্ৰ কৰি আজিও অব্যাহত আছে প্ৰতিক্ৰিয়া। ইয়াৰ মাজতে মাটি বেদখলেৰে অবৈধভাৱে দোকান গৃহ নিৰ্মাণ কৰি থকা চক্ৰটোৱে ৰাইজৰ অভিযোগ-আপত্তিক আওকাণ কৰি বৰ্তমানেও অব্যাহত ৰাখিছে নিৰ্মাণৰ কাম। উক্ত দোকান গৃহসমূহ নিৰ্মাণ কৰি থকা আমছুৰ দৃষ্টিগোচৰ হোৱাত আজি বিজনী জিলা আমছুৱে চিৰাং জিলা উপায়ুক্ত গৌতম তালুকদাৰক সাক্ষাৎ কৰি নিৰ্মাণকাৰ্য বন্ধ ৰখাৰ দাবীত স্মাৰকপত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰত উল্লেখ কৰা অনুযায়ী অসম শক্তি বিতৰণ কোম্পানী লিমিটেড বিজনী শাখাৰ সন্মুখত খালী হৈ থকা গড়কাপ্তানী বিভাগৰ মাটিত বিজনী নগৰ সমিতিয়ে অবৈধভাৱে দোকানগৃহ নিৰ্মাণ কৰি সাধাৰন খাটি খোৱা মানুহৰ পৰা ভাড়া দিয়াৰ নামত লাখ লাখ টকা আগধন লৈ কেইবাটাও পকী দোকান গৃহ নিৰ্মাণ কৰি থকা দৃষ্টিগোচৰ হোৱা বুলি উল্লেখ কৰে স্মাৰকপত্ৰত। লক্ষ্যনীয় যে অতি জৰুৰী চৰকাৰী কাৰ্যালয়ৰ সন্মুখত দোকান সমূহৰ কাম সম্পূৰ্ণ হৈ উঠাৰ পিছত বিদ্যুৎ বিভাগটোৰ ভিতৰলৈ ডাঙৰ গাড়ী সোমোৱাৰ ক্ষেত্ৰত বাধা আহি পৰাৰ লগতে বিদ্যুৎ বিভাগৰ ট্ৰেন্সফৰ্মাৰ, বৈদ্যুতিক খুটা আদি ভিতৰলৈ লৈ যোৱাত ঠাইৰ অভাৱ হোৱাৰ উপৰিও বিভাগটোৰ কাম-কাজত অসুবিধাৰ সন্মুখীন হ’ব বুলি বিদ্যুৎ বিভাগটোৰ পৰা জানিব দিয় ।তদুপলক্ষে সংগঠনটোৱে স্মাৰকপত্ৰৰ যোগেদি জিলা উপায়ুক্তই গৃহ সমূহৰ নিৰ্মাণকাৰ্য চলি থকা বিষয়টো সন্দৰ্ভত উচিত তদন্ত কৰি উক্ত অবৈধ দোকান গৃহৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ জিলা উপায়ুক্তক আহ্বান জনায়। উল্লেখ্য যে বিজনী নগৰ সমিতিৰ আশীষধন্য তথা বিজনী নগৰ সমিতিৰ ছত্ৰছায়াত উক্ত লোক সকলে বিজনী বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত অবৈধভাৱে চলাই গৈছে কেবাখনো দোকানৰ নিৰ্মাণকাৰ্য। জানিব পৰা মতে শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশমৰ্মে ৰাজ্যৰ সকলো পৌৰসভা আৰু নগৰ সমিতি সমূহ ভংগ কৰি দিছে ।কিন্তু বিজনী নগৰ পৌৰ সভাই এতিয়া লৈ ৰাজহ সংগ্ৰহৰ দোহাই দি বিজনীৰ বৈদ্যুতিক উপ সংমণ্ডল কাৰ্যালয়টোৰ সন্মুখত অবৈধভাবে গৃহ নিৰ্মাণ প্ৰক্ৰিয়া অব্যহত ৰাখিছে বুলি অভিযোগত প্ৰকাশ পাইছে ।স্থানীয় এক সুত্ৰ ৰ পৰা জানিব পৰা মতে বিজনী নগৰ সমিতিখন স্থানীয় একাংশ বিপিএফ নেতা পালিনেতাৰ দ্বৰা পৰিচালিত হৈ আছে আৰু তেওঁলোকৰ ইচ্ছামতেই জৰুৰীকালীন সেৱাৰ দৰে এটা বিভাগৰ এনেদৰে দোকানগৃহ নিৰ্মাণ কৰি কাৰ্যত বিভাগটোৰ কাম-কাজ পৰিচালনা কৰাত অসুবিধাৰ সন্মুখীন হ’ব বুলি সচেতন মহলৰ মনত সন্দেহ ঘণিভূৎ হৈছে। যাৰ পৰিপ্ৰেক্ষিতত বিজনী জিলা আমছুৱে আজি প্ৰদান কৰা স্মাৰক পত্ৰৰ জড়িয়তে বিজনী মহকুমা প্ৰশাসনক বিষয় সন্দৰ্ভত উচিত তদন্ত কৰি অবৈধ নিৰ্মাণ কাৰ্যৰ লগত জড়িত ব্যক্তিক বিধি অনুযায়ী শাস্তি প্ৰদান কৰাৰ বাবে দাবী জনায়।এই সংক্ৰান্তত ইতিমধ্যে বিগত ২৪ ফেব্ৰুৱাৰী তাৰিখে অসম শক্তি বিতৰণ কোম্পানী পৰিসীমিত তথা এপিডিএলৰ শাখা প্ৰৱন্ধকে বিজনীৰ মহকুমাধিপতি আৰু বিজনী ৰাজহ চক্ৰ বিষয়ালৈ কোনে আৰু কি গৃহ নিৰ্মাণ হৈ আছে জানিব বিছাৰি পৃথকে পৃথকে পত্ৰ প্ৰেৰণ কৰিছিল। বিষয়া গৰাকীক বিজনী মহকুমা প্ৰশাসন আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা বিষয়টো বিবেচনা কৰি থকা হৈছে বুলি জনাইছে। ইয়াৰোপৰি বিজনী মহকুমা প্ৰশাসনে ২০১৫ চনৰ ২ জুন তাৰিখে উক্ত এলেকাত পূৰ্বতে থকা দোকান সমূহ উচ্ছেদ কৰিছিল আৰু ভৱিষ্যতে দোকান বহুওৱা নিষেধ বুলি ফলক লগাইছিল। কিন্তু বৰ্তমান উক্ত বেদখলকাৰী সকলে কাৰ আশীষধন্য লাভ কৰি নিষিদ্ধ এলেকাত দোকান গৃহ নিৰ্মাণৰ কাম চলাই গৈছে সেয়া এতিয়া বিজনী চিন্তাশীল সচেতন ব্যক্তি সকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । কিন্তু বিজনী মহকুমা প্ৰশাসনে উক্ত কাৰ্যৰ উচিত তদন্ত কৰি সংশ্লিষ্ট পক্ষৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহন কৰিবনে নাই সেয়া এতিয়া লাখটকীয়া প্ৰশ্ন হিচাপে বিবেচিত হৈছে।

You might also like