নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনী কলেজত ৬৫০ আসনৰ বিপৰীতে ১৬শ শিক্ষার্থীৰ আবেদন

নিয়মীয়া বাৰ্তা ১২ ছেপ্টেম্বৰঃ নামভর্তিক লৈ তীব্র আশংকাত ভুগিছে বিজনী মহকুমাৰ বিভিন্ন স্তৰৰ ছাত্র–ছাত্রী৷ বিজনী মহকুমাৰ একমাত্র উচ্চশিক্ষাৰ প্রতিষ্ঠান বিজনী মহাবিদ্যালয়ত পর্যাপ্ত আসনৰ অভাৱৰ বাবে উচ্চশিক্ষা গ্রহণৰ ক্ষেত্রত অনিশ্চয়তাত ভুগিছে ছাত্র–ছাত্রীসকল৷

উল্লেখ্য যে এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূডান্ত বর্ষৰ ফলাফল মূল্যাংকন পদ্ধতিৰে ঘোষণা কৰাত মহকুমাটোত পূর্বৰ তুলনাত উত্তীর্ণৰ হাৰ বৃদ্ধি পোৱাত এই সমস্যাই দেখা দিছে৷ জানিব পৰা মতে, বিজনী মহাবিদ্যালয়ত আসনৰ সংখ্যা ছয়শ পঞ্চাশৰ বিপৰীতে এইবেলি ষোল্লশতকৈ অধিক ছাত্রই নামভর্তিৰ বাবে আবেদন কৰিছে৷

আনহাতে, বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আসনৰ সংখ্যা মাত্র দুশ৷ যাৰ ফলত ছাত্র–ছাত্রীসকল নামভর্তিৰ বাবে চৰম অনিশ্চয়তাত ভুগি থকা পৰিলক্ষিত হৈছে৷ এইক্ষেত্রত বিজনীৰ কেইবাটাও ছাত্র সংগঠনে ইতিমধ্যে বিজনী মহাবিদ্যালয়ৰ অধ্যক্ষক সাক্ষাৎ কৰি আসন বৃদ্ধি আৰু মর্নিং আৰু ডে’ দুটা শ্বিফ্টত পাঠদান কৰাৰ আহ্বান জনাইছে৷ সমস্যাৰ গুৰুত্ব বুজি কালি বিজনীৰ বিধায়ক অজয় কুমাৰ ৰয়ে বিজনী মহাবিদ্যালয় আৰু বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আৰু শিক্ষকবৃন্দক সাক্ষাৎ কৰি আলোচনাত মিলিত হয়৷ বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত ছাত্র–ছাত্রীৰ সন্মুখত দেখা দিয়া নামভর্তিৰ সমস্যা শীঘ্রেই সমাধান কৰাৰ আশ্বাস প্রদান কৰে৷ তেওঁ আসনৰ অভাৱত যাতে ছাত্র–ছাত্রীসকল উচ্চ শিক্ষাৰ পৰা বঞ্চিত নহয় তাৰ বাবে প্রতিষ্ঠান দুটাৰ অধ্যক্ষক ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনায়৷

প্রয়োজনত তেওঁ ঠিকাভিত্তিত শিক্ষক নিযুক্তি দিয়াৰ কথাও চিন্তা–চর্চা কৰা বুলি অৱগত কৰি যাতে দুটা শ্বিফ্টত পাঠদান দিব পৰা যায় এই সম্পর্কতো আলোচনা কৰা বুলি জানিব দিয়ে৷ আনফালে, বিজনী মহাবিদ্যালয়ত আসন বৃদ্ধিৰ বাবে মুখ্যমন্ত্রী আৰু শিক্ষামন্ত্রীক অৱগত কৰি ব্যৱস্থা গ্রহণ কৰিব বুলি মন্তব্য কৰে৷ ইফালে, এই সংক্রান্তত বিজনী মহাবিদ্যালয়ৰ অধ্যক্ষ বিৰহাসগিৰি বসুমতাৰীয়ে ছাত্র–ছাত্রীসকলৰ নামভর্তি সমস্যা সমাধান কৰিবলৈ হ’লে মহাবিদ্যালয়খনৰ আন্তঃগাঁথনিৰ উন্নতি আৰু শিক্ষক নিযুক্তি দিয়াৰ প্রয়োজন আছে বুলি মন্তব্য কৰে৷

You might also like