নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিমানবন্দৰৰ বাবে ডলু চাহ বাগিচা আৰু ডেন্টেল হাস্পতালৰ বাবে অম্বিকাপুৰত চৰকাৰী উচ্ছেদৰ তীব্র প্রতিবাদ

নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ বিমানবন্দৰৰ বাবে ডলু চাহ বাগিচা আৰু দন্ত চিকিৎসালয়ৰ বাবে অম্বিকাপুৰ ষষ্ঠ খণ্ডত উচ্ছেদ কৰাৰ তীব্ৰ প্ৰতিবাদ জনালে ৰাইজে। পৃথক পৃথক প্ৰতিবাদী কাৰ্যসূচীৰ ফলত শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় আৰু ডলু চাহ বাগিচাত উত্তেজনাৰ সৃষ্টি হয়। আজি উচ্ছেদৰ বাবে শিলচৰ সদৰ চক্ৰ বিষয়াৰ নেতৃত্বত পাটোৱাৰী, কানুনগোকে ধৰি বৃহৎ আৰক্ষী আৰু চিআৰপিএফ বাহিনী অম্বিকাপুৰ ষষ্ঠ খন্ডত ভূমি জৰীপ কৰা হয়। হঠাৎ কৈ চৰকাৰৰ এই সিদ্ধান্তত তীব্ৰ প্ৰতিবাদ জনায় যুগ যুগ ধৰি বসবাস কৰা ৬৫ টা পৰিয়ালে। জানিব পৰা মতে, তেওঁলোকক উচ্ছেদ কৰি ৩৩ বিঘা ভূমিত দন্ত মহাবিদ্যালয় আৰু চিকিৎসালয় স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে। কিন্তু চৰকাৰৰ সিদ্ধান্তক আৱাসীসকলে তীব্ৰ প্ৰতিবাদ জনায় মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ দৃষ্টি আকৰ্ষণ কৰে। বিশু দাস, সনাতন নুনিয়া, বাপন পাল, অনন্ত মজুমদাৰ, সঞ্জীৱ দাসৰ অভিযোগ , চাহ জনজাতি আৰু হিন্দু বঙালী সম্প্ৰদায়ৰ লোকে ১০০ বছৰ ধৰি অঞ্চলটোত বসবাস কৰি আছে। তদুপৰি মাটি মুকলি কৰাৰ বাবে তেওঁলোকক কোনো জাননী জাৰি কৰা হোৱা নাই। তেওঁলোকে কয়, এইদিনা মাটি জৰিপ কৰি উচ্ছেদৰ বাবে ৰঙা পতাকা স্থাপন কৰা হৈছে। অথচ যুগ যুগ ধৰি তেওঁলোকে ইয়াতে বসবাস কৰি আহিছে।এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব বিশ্ব শৰ্মা আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে স্মাৰকপত্ৰ প্ৰদান কৰিব।

ইপিনে কাছাৰ জিলাৰ বৰখলা সমষ্টিৰ ডলু চাহ বাগিচাৰ ভূমিত বৰাকৰ প্ৰস্তাৱিত অসামৰিক বিমানবন্দৰ স্থাপনৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে চাহ শ্ৰমিকে । ডলু চাহ বাগিচা বৰাকৰ এখন সমৃদ্ধিশালী চাহ বাগিচা। কিন্তু চৰকাৰে ডলু চাহ বাগিছা সহ ইয়াৰ শাখা বাগিচা লালবাগ আৰু ময়নাগড়ৰ ৮৭৩ একৰ ভূমিৰ চাহ গছ উচ্ছেদ কৰি এখন গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছে। এই দিনা লালবাগ চা বাগিচাত আটছা নেতৃত্বাধীন এখন প্ৰতিবাদী সভাত চৰকাৰৰ এই সিদ্ধান্তক চাহ শ্ৰমিক বিৰোধী বুলি অভিহিত কৰে আৰু চাহ গছ উচ্ছেদ কৰি বিমানবন্দৰ স্থাপনৰ তীব্ৰ বিৰোধিতা জনায় স্থানীয় শ্ৰমিক আৰু ৰাইজে। তেওঁলোকে কয়, বৰাক উপত্যকাত এখন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ নিৰ্মাণ হোৱাটো তেওঁলোকেও বিচাৰে। কিন্তু চৰকাৰে কেৱল মালিকৰ হিতৰ কথা চিন্তা কৰিলে। ফলত হাজাৰ হাজাৰ চাহ শ্ৰমিকৰ বলিদান দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিমানবন্দৰটো নিৰ্মাণ কৰিব বিচাৰিছে ।

চৰকাৰে যদি সঁচাকৈয়ে চাহ শ্ৰমিকসকলৰ কল্যাণৰ কথা ভাবিছে, তেন্তে চাহ শ্ৰমিকৰ সৈতে কোনো আলোচনা নকৰাকৈ এনে সিদ্ধান্ত কিয় ল’লে বুলি প্ৰশ্ন উত্থাপন কৰে তেওঁলোকে। কাছাৰ জিলাত বহুতো মৃত চাহ বাগিচা বা চৰকাৰী খাছ ভূমি আছে। কিন্তু তাত বিমানবন্দৰ নিৰ্মাণ কৰাৰ পৰিৱৰ্তে অসমৰ গৌৰব আৰু ঐতিহ্য স্বৰূপ চাহ গছ তুলি বিমানবন্দৰ স্থাপন কৰাটো কিমান যুক্তিসঙ্গত? সেয়েহে তেওঁলোকে মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছে যে, চৰকাৰে ডলু চা বাগিচাৰ চাহ গছ উচ্ছেদ কৰি বিমানবন্দৰ স্থাপন কৰাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰক। নহলে আটছাৰ নেতৃত্বত এক বৃহত্তৰ গণ আন্দোলন গঢ়ি তোলা হ’ব। তেওঁ লোকে কয়, বিমানবন্দৰটো নিৰ্মাণৰ বাবে চাহ গছ উচ্ছেদ কৰা হ’ব। ইয়াৰ বিপৰীতে চৰকাৰে মালিকক ৫০ কোটি টকা পৰিশোধ কৰিব। বাগিচাৰ মালিকেও ইয়াত সন্মতি জনাইছে। এই চুক্তি কাৰ্যকৰী হ’লে বাগিচাৰ মালিক আৰ্থিক ভাবে লাভবান হ’ব। কিন্তু শ শ বছৰ ধৰি ইয়াত কাম কৰি থকা হাজাৰ হাজাৰ চাহ শ্ৰমিকে তেওঁলোকৰ চাকৰি হেৰুৱাব। যদি চাহ শ্ৰমিকৰ বাসগৃহৰ ওচৰত বিমানবন্দৰৰ ৰানৱে নিৰ্মাণ কৰা হয়,তেনে পৰিস্থিতিত তেওঁলোক প্ৰচণ্ড শব্দ প্ৰদূষণৰ সন্মুখীন হ’ব।

কিন্তু চৰকাৰে এইবোৰ বিবেচনা নকৰাকৈ চাহ শ্ৰমিকসকলক ক্ষতি কৰাৰ চেষ্টা গ্ৰহণ কৰিছে। তেওঁলোকে কয়, ইমান বৃহৎ এটা সিদ্ধান্ত লোৱাৰ আগতে চৰকাৰে চাহ শ্ৰমিকৰ সৈতে পৰামৰ্শ কৰাৰ প্ৰয়োজন আছিল। বিশেষকৈ শিলচৰৰ সাংসদ ৰাজদীপ ৰয়ে বিমানবন্দৰটো স্থাপনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কিন্তু তেওঁ ইয়াত বসবাস কৰা স্থায়ী চাহ শ্ৰমিকসকলৰ ভৱিষ্যতৰ বিষয়ে ভবা নাই বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তেওঁলোকে।

You might also like