নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নুমলীগড়ত ঠেঙাল কছাৰী পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰত মন্ত্ৰী অতুল বৰা

একেখন মঞ্চত মিত্ৰজোঁটৰ সভাপতিয়ে চলালে প্ৰচাৰ

নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ সমাগত ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনলৈ আৰু মাজত তিনিটা দিন বাকী। নিৰ্বাচনক কেন্দ্ৰ কৰি তুংগত উঠিছে শাসক বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ। সোমবাৰে ১১ নং কমাৰগাঁও ঠেঙাল সমিষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হৰপ্ৰভা ঠেঙালৰ হৈ নুমলীগড়ৰ কাষৰীয়া মৰঙিৰ পোৰাজংঘলৰ জাগৰণ গণমঞ্চত আজি এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয় ৷

এই নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ মন্ত্ৰী অতুল বৰাই কয় যে হৰপ্ৰভা ঠেঙাল ডাঙৰীয়ানী বিপুল ভোটত এই পৰিষদীয় সমষ্টিত জয়ী হ’ব সেই কথাত কোনো সন্দেহ নাই। বিজেপি আৰু এজিপিয়ে যৌথভাৱে এই নিৰ্বাচনত অৱতীৰ্ণ হৈছে। মই অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকলক নিষ্ঠাৰে আহি থকা দিনকেইটাত প্ৰাৰ্থীগৰাকীৰ সপক্ষে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰিবলৈ আহ্বান জনাইছো। আমাৰ বিশ্বাস যে প্ৰতিটো পৰিষদীয় সমষ্টিতেই মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমান অসমত অব্যাহত থকা বিৰামহীন প্ৰগতিৰ যাত্ৰা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়ী কৰাবলৈও ৰাইজক আহ্বান জনায় মন্ত্ৰী অতুল বৰাই।

ইপিনে নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি সমষ্টিটোৰ বিধায়ক বিশ্বজিৎ ফুকনে গোলাঘাটত চিকিৎসা মহাবিদ্যালয় স্থাপন, সৰুপথাৰ সমষ্টিৰ মৰঙিত সতী সাধনী বিশ্ববিদ্যালয় স্থাপন কৰিলৈ লোৱাকে ধৰি উন্নয়নী প্ৰতিচ্ছবি দাঙি ধৰাৰ লগতে ৰাইজৰ সহযোগত সমষ্টিতোক উন্নত সমষ্টিলৈ উন্নীত কৰিবলৈ লোৱা বিভিন্ন দিশ সম্পৰ্কে ৰাইজক অৱগত কৰে।

আজিৰ নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপি দলৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা, অগপ দলৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, বিজেপি দলৰ ৰাজ্যিক সম্পাদক দীপ্লুৰঞ্জন শৰ্মা, অগপ দলৰ ৰাজ্যিক সম্পাদক নুৰুল চুলতান, কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি দেৱজিৎ বৰা, গোলাঘাট জিলা বিজেপিৰ সভাপতি দেৱপ্ৰতীম বৰা প্ৰমুখ্যে অগপ-বিজেপি দলৰ বিষয়ববীয়া-কৰ্মকৰ্তাসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

প্ৰেৰকঃ বিনন ফুকন, নুমলীগড়

You might also like