নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত শিল্পী দিৱস উদযাপন

নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ আজি ধুবুৰী সাহিত্য সভাৰ উদ্যোগত আৰু চৰকাৰী পেঞ্চনাৰ সন্থাৰ ধুবুৰী জিলা সমিতিৰ সহযোগত ধুবুৰীৰ সাহিত্য সভা ভৱনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত “শিল্পী দিৱস’’ উদযাপন কৰা হয়। ধুবুৰী সাহিত্য সভাৰ সভাপতি উদয়ন চক্ৰৱৰ্তীৰ স্থানীয় সাহিত্য সভা ভৱন প্ৰাঙ্গনত অসম সাহিত্য সভাৰ পতাকা উত্তোলনেৰে আজিৰ কাৰ্যসূচীৰ শুভাৰম্ভ ঘটে। ইয়াৰ পিছত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জ্যোতি প্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি পৣজ্বলন আৰু মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে অসম সাহিত্য সভাৰ ধুবুৰী আঞ্চলিক কাৰ্যালয়ৰ প্ৰাক্তন সহকাৰী সম্পাদক হবিবৰ ৰহমানে। চৰকাৰী পেঞ্চনাৰ সন্থাৰ ধুবুৰী জিলা সমিতিৰ সভাপতি প্ৰবীৰ কুমাৰ চৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে উদয়ন চক্ৰবৰ্ত্তীয়ে। সভাখনতত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত এক মনোজ্ঞ ভাষণ প্ৰদান কৰে ধুবুৰী সাহিত্য সভাৰ সম্পাদক জাকিৰ হুচেইন, হেমেন চক্ৰবৰ্ত্তীকে ধৰি অন্যান্য বক্তাই। আজিৰ এই সভাতে ধুবুৰী সাহিত্য সভাই প্ৰকাশ কৰা “জ্যোতি শ্ৰদ্ধাৰ্ঘ ” নামৰ এখনি স্মৰণিকা উন্মোচন কৰে চৰকাৰী পেন্চনাৰ সন্হাৰ ধুবুৰী জিলা সমিতিৰ সভাপতি প্ৰবীৰ সৰকাৰে। অন্তত অসম সংগীত পৰিৱেশনেেৰ আজিৰ ‘ কাৰ্যসূচীৰ অন্ত পৰে।

আনহাতে অসম গণ পৰিষদ দলৰ ধুবুৰী নগৰ পৰিষদৰ উদ্যোগতো আজি দলটোৰ ধুবুৰীস্থ কাৰ্যালয়তো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত ‘শিল্পী দিৱস’ পালন কৰা হয়। উক্ত অনুষ্ঠানত চাৰিগৰাকীকৈ শিল্পীক এখনকৈ ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয়।

প্ৰেৰকঃ অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী 

You might also like