নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাৰ জামলাইত বন বিভাগৰ অভিযানঃ নৈৰ পানী যুঁৱলিৰ পৰা উদ্ধাৰ বুজন পৰিমানৰ কাঠৰ কুণ্ডা

নিয়মীয়া বাৰ্তা ১৯ জানুৱাৰীঃ পশ্চিম কামৰূপৰ নগৰবেৰাস্থ নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত জামলাই নৈৰ ঘাটত নিতৌ একাংশ ব্যৱসায়ীয়ে বিক্ৰীৰ বাবে জমা কৰে মুল্যবান চোৰাং কাঠ। গোপন সূত্ৰৰ পম খেদি আজি বনাঞ্চলিক কাৰ্যালয়ৰ এটা দল আৰু বামুনীগাঁও বন সুৰক্ষা বাহিনীয়ে যুটীয়াভাবে এক অভিযান চলাই থুপাই ৰখা কাঠৰ কুণ্ডা সমূহ জব্দ কৰে। কুণ্ডাবোৰ নৈৰ পাৰত ৰখাৰ উপৰি নৈৰ পানীতো লুকুৱাই ৰাখিছিল ব্যৱসায়ীয়ে, জেচিবি’ৰ সহায়ত কুণ্ডা সমূহ বামলৈ তুলি নগৰবেৰাস্থ নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়লৈ নিয়া হয়। বনাঞ্চলিক বিষয়া মৃণাল অধ্যাপকৰ নেতৃত্বত যোৱা এটা দল আৰু বামুনীগাঁও বন সুৰক্ষা বাহিনীয়ে যুটীয়াভাবে চলাইছিল এই অভিযান |মুঠ ৬৫ ডাল মুল্যবান কাঠৰ কুণ্ডা জব্দ কৰা হয় যদিও চোৰাং ব্যৱসায়ীৰ একো সম্ভেদ নোপোৱা বুলি জনাইছে বনাঞ্চলিক বিষয়া গৰাকীয়ে।

You might also like