নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথত কোটি টকাৰ নিষিদ্ধ হেৰ’ইন দাহ

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ যুৱ প্ৰজন্মক ধ্বংসকাৰী আৰু সমাজ জীৱনক দূষিত কৰা বৰবিহ স্বৰূপ কোটি টকীয়া হেৰ’ইনৰ আজি দাহ প্ৰক্ৰিয়া সম্পন্ন কৰিছে বিশ্বনাথ জিলা আৰক্ষীয়ে। বিগত দুটা বৰ্ষত জব্দকৃত এই বৃহৎ অংকৰ হেৰ’ইন সহ আন নিষিদ্ধ দ্ৰব্য জলন্ত চিতাত তুলি ভস্মীভূত কৰা হয়। বিশ্বনাথৰ পানীভৰালৰ পুলিচ সংৰক্ষিত ভূমিত প্ৰায় ডেৰ কোটি টকাৰ নিচা জাতীয় সামগ্ৰীৰ দাহন কাৰ্য আজি জিলাৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত সম্পন্ন কৰা হৈছে। বিশ্বনাথ জিলা আৰক্ষীয়ে বিগত এক ডেৰ বছৰত বিশ্বনাথ জিলাৰ বিভিন্ন স্থানৰ পৰা অভিযান চলাই জব্দ কৰা গাঞ্জা,হেৰ’ইন,কফ চিৰাফ আৰু বিভিন্ন ধৰণৰ নিচা জাতীয় টেবলেট সমূহ আজি বিশ্বনাথ জিলা আৰক্ষী, প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকলৰ উপস্হিতিত দাহনৰ সিদ্ধান্ত গ্ৰহণ কৰে।
জব্দকৃত সামগ্ৰীৰ ভিতৰত ১ কোটি ৩৭ হাজাৰ ৪০০ টকাৰ প্ৰায় ৫ শ গ্ৰাম হেৰ’ইন, ২৮ লাখ ৩৬ হাজাৰ ৪ শ টকাৰ মুঠ ৫৬ কেজি ৭০০ গ্ৰাম গাঞ্জা, ৬৮ হাজাৰ ৬০০ টকাৰ মুঠ ৯৮ টা কফ চিৰাপৰ বটল আৰু ১ লাখ ৪০ হাজাৰ টকাৰ মুঠ ২৮০ টা নিচাযুক্ত টেবলেট দাহন কৰা হয়।এই দাহন অভিযানত অংশ গ্ৰহণ কৰে বিশ্বনাথ জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে,জিলা আৰক্ষী অধীক্ষক নবীন সিং, বিশ্বনাথ মহাবিদ্যায়ৰ অধ্যক্ষ ড০চিন্তা মনি শৰ্মা, আবকাৰী বিভাগৰ বিষয়া,জিলা আৰক্ষী প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াও উপস্হিত থাকে। জিলা উপায়ক্তগৰাকীয়ে কয় যে নৱ প্ৰজন্মক ধংস কৰা এই নিচা জাতীয় সামগ্ৰী সমূহৰ বিৰুদ্ধে ৰাজ্যচৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা পৰিপ্ৰেক্ষিতত এই দহন অভিযান চলোৱা হয়। আৰক্ষী অধীক্ষকগৰাকীয়েও এই অবৈধ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে।
উল্লেখ্য যে নিষিদ্ধ ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ অভিযোগত একাধিক আৰক্ষীৰ এনকাউণ্টাৰৰ সন্মুখীন  হৈছিল যদিও শেহতীয়াকৈ পুনৰ দ্ৰাগছ ব্যৱসায়ী তৎপৰ হৈ উঠাৰ খৱৰ আহিছে।
You might also like