নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ চিকিৎসালয়ত অৰাজকতাঃ চুটি শেষ হোৱাৰ পিছতো উপস্থিত হোৱা নাই চিকিৎসক; ৰোগীৰ হাহাকাৰ

নিয়মীয়া বাৰ্তা, ২২ জুন : ১৯৫২ চনত প্ৰতিষ্ঠা হোৱা দক্ষিণপাট ৰাজ্যিক চিকিৎসালয়খন বৃহত্তৰ দক্ষিণপাট অঞ্চলৰ এক মাত্ৰ মানৱ সেৱা প্ৰতিষ্ঠান ৷ উজনি শালমৰা -বেচামৰাক সামৰি ২নং কঢ়াল গাওঁ, অফলামুখ, দক্ষিণপাট কৈৱৰ্ত্ত গাওঁ, দিঘলী গাওঁ, পুৰনি সত্ৰ, নাওঁশালী গাওঁ, কলিতা গাওঁ, কুমাৰ গাওঁ, চেক বান্ধ, ওপৰ চুমৈমাৰী, কৰৈয়নী আটী, বচাদলনী সহ শ্ৰীশ্ৰী দক্ষিণ পাট সত্ৰ আৰু আলিমুৰ
গাওঁ আদি কৰি প্ৰায় ১৫ খন গাৱঁৰ সৰ্ব্বমুঠ দহ হাজাৰোধিক জনসাধাৰণৰ মাজত দীৰ্ঘ দিনে স্বাস্হ্য ও চিকিৎসা সেৱা আগবঢ়াই থকা চিকিৎসালয়খনত চিকিৎসকৰ অভাৱত ৰোগীয়ে যমৰ যাতনা ভোগ কৰিব লগা হৈছে ৷

প্ৰায় চাৰি মাহৰ পূৰ্বে এবছীয়া কাৰ্যকালৰে কাৰ্যনিৰ্বাহ কৰা ড° নিবাৰণ দলে’ নামৰ চিকিৎসকগৰাকীয়ে পদোন্নতিৰে ৰতন পুৰ প্ৰাথমিক স্বাস্হ্য কেন্দ্ৰ লৈ বদলি হোৱাৰ তিনিমাহৰ পিছত ডা° এছ ঠাকুৰীয়া নামৰ এগৰাকী মহিলা চিকিৎসকে কেইদিন মানৰ পূৰ্বে যোগদান কৰিছিল। আজি এটা সপ্তাহে এইগৰাকী মহিলা চিকিৎসকো অন্তৰ্ধান হোৱাত অঞ্চলটোৰ ৰোগীসকলে যমৰ যাতনা ভোগিব লগা হৈছে ৷ বৰ্তমান শালমৰা , দক্ষিণপাট আদি অঞ্চলত বান পানী শুকোৱাৰ লগে লগে বিভিন্ন বেমাৰ আজাৰে দেখা দিবলৈ লৈছে তেনে সময়তেই এই চিকিৎসালয়খনত চিকিৎসক অনুপস্থিতিয়ে সকলোকে চিন্তিত কৰি তুলিছে ৷

আজি দিনটোত চিকিৎসকৰ বাবে অপেক্ষা কৰি বহু ৰোগীয়ে যমৰ যাতনা ভুগিব লগা হয় ৷ বোন্দাপৰ দি এইদৰে ৰোগী ঘুৰি যাব লগা হোৱা বিষয়টোৱে চিন্তিত কৰিছে সকলোকে ৷ মাজুলী জিলা সদৰৰ পৰা কুৰি কিলোমিটাৰ পূৱ- দক্ষিনপাটত অৱস্থিত চিকিৎসা লয় খনি এটি বান বিধস্ত অঞ্চলত অৱস্থিত ৷ যাতায়ত — যোগাযোগাৰ সুচল নথকা অঞ্চলটিত দক্ষিণ পাট ৰাজ্যিক চিকিৎসালয় খনিয়ে চিকিৎসাৰ বাবে ৰাইজৰ এক মাএ ভৰষা ৷ দক্ষিণপাট সএৰ পৃষ্ঠপোষকতাত আজিৰ পৰা তিনি কুৰি দহ বছৰৰ আগতে স্হাপন কৰা ৰাজ্যিক পৰ্যায়ৰ চিকিৎসালয় খনি আজি দিন ধৰি কোনো ধৰনৰ উচ্চ স্তৰলৈ উন্নতি নহঁল ৷ ৰাইজে প্ৰতি খন চৰকাৰক চিকিৎসালয় খনি প্ৰাথমিক স্বাস্হ্য কেন্দ্ৰ লৈ উন্নীত কৰাৰ উপৰিও একোজন আৱাসিক স্বাস্হ্য ও চিকিৎসা বিষয়াক নিযুক্তি দি আন্তঃগাঁথনিৰ সুব্যৱস্থাৰ দাবী জনাই অহাৰ পিছতো কিন্ত কোনো ধৰনৰ সহাঁৰি পাবলৈ সক্ষম নহ’ল ৷ স্হানীয় পঞ্চায়তৰ যোগেদি জৰাজীৰ্ণ চিকিৎসালয় খনিৰ গৃহটি অলপতে নিৰ্ম্মান কৰি দিয়ে যদিও চিকিৎসক ফাৰ্মাচিষ্ট নাৰ্চৰ আৱাস গৃহ নাই ৷ মানৱ সেৱাৰ এক মাএ চিকিৎসালয়খনত ৰাতি-বিয়লি চিকিৎসক স্বাস্থ্য কৰ্ম্মী নথকাত অঞ্চলটোৰ ৰাইজে জৰুৰী সেৱাৰ এটি পৰামৰ্শ বিচাৰি হাবাথুৰি খাব লগা হয় ৷ তেনে স্হলত চিকিৎসালয় খনত স্থায়ী চিকিৎসক নিযুক্তিৰে অঞ্চলৰ ৰাইজক উপকাৰ কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰমুখ্যে স্হানীয় বিধায়ক ভুবন গামক বিষয়টি দৃষ্টি গোচৰ কৰি তৎকালীন ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷

You might also like