নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম’বাইল সেৱা প্ৰতিষ্ঠানৰ নিম্নমানৰ সেৱাত হাৰাশাস্তিৰ সন্মুখীন নামতোলাবাসী

নিয়মীয়া বাৰ্তা, ৮ মে’ : চৰাইদেউ জিলাৰ অসম – নগালেণ্ড সীমান্তৱৰ্তী বৃহত্তৰ নামতোলা অঞ্চলত ম’বাইল সেৱা প্ৰতিষ্ঠান সমূহৰ নিম্নমানৰ সেৱাত জনসাধাৰণ হাৰাশাস্তিৰ সন্মুখীন হবলগীয়া হৈছে। উল্লেখযোগ্য যে জিলা খনৰ ভিতৰতে অতি স্পৰ্শকাতৰ অঞ্চল হিচাপে চিহ্নিত নামতোলা অঞ্চলত অসাধু চক্ৰই নানা দুষ্কাৰ্য, অসামাজিক কাৰ্য কলাপ সংঘটিত কৰি অহাৰ লগতে ড্ৰাগছৰ সৰবৰাহ কৰি আৰক্ষী প্ৰশাসনৰ নিদ্ৰা হৰণ কৰি আহিছে। উগ্ৰপন্থীৰ সদস্য আৰু নানা দুষ্কাৰ্য কৰা লোকৰ সঘন বিচৰণথলী হিচাপে চিহ্নিত স্পৰ্শকাতৰ নামতোলা অঞ্চলত নিৰাপত্তা জনিত বিষয়ত ম’বাইল সেৱা অঞ্চলবাসীৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ যদিও ম’বাইল সেৱা প্ৰতিষ্ঠানৰ নিম্ন মানৰ সেৱাত সীমান্তবাসী জনতা নানা হাৰাশাস্তিৰ সন্মুখীন হব লগা হৈছে। এই সন্দৰ্ভত স্থানীয় সচেতন ব্যক্তিবিশেষে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, সীমান্তৱৰ্তী অঞ্চলটোত এয়াৰটেল আৰি জিঅ’ই ম’বাইল সেৱা আগবঢ়াই আহিছে যদিও ম’বাইল সেৱা প্ৰতিষ্ঠান দুটাৰ নিম্ন মানৰ সেৱা আৰু সঘনে ব্যাহত হোৱা ঘটনাত অঞ্চল বাসীৰ বাবে ম’বাইল সমূহ সজাই থোৱা সামগ্ৰী সদৃশ হৈ পৰিছে। যোগাযোগ ব্যৱস্থাৰ সুযোগ সুবিধা লবৰ বাবে নামতোলা বাসীয়ে এয়াৰটেল আৰু জিঅ’ৰ সেৱা গ্ৰহণ কৰি আহিছে যদিও একোটা মাহৰ অধিকাংশ সময় দুয়োটা ম’বাইল সেৱা ব্যাহত হৈয়ে থাকে। দুয়োটা মবাইল সেৱা প্ৰতিষ্ঠানে ৰিচাৰ্জৰ নামত সীমান্তবাসী ৰাইজৰ পৰা ধন ঘটাৰ বিপৰীতে সেৱা আগবঢ়োৱাত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ কৰিছে নামতোলাবাসীয়ে।
You might also like