নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূৰাগাঁৱত ব্ৰহ্মপুত্ৰৰ পাৰত অবৈধভাৱে মাটি খনন দুষ্টচক্ৰৰ; নীৰৱ প্ৰশাসন

নিয়মীয়া বাৰ্তা, ৩০ আগষ্ট:  মৰিগাঁও জিলাৰ ভূৰাগাঁৱত ব্ৰহ্মপুত্ৰৰ নিচেই কাষতে মাটি খনন কৰি এক ধৰণৰ ভাবুকি কঢ়িয়াই আনিছে একাংশ দুষ্টচক্ৰৰ। যোৱা কিছুদিন ধৰি একাংশ দুষ্ট চক্ৰই ব্ৰহ্মপুত্ৰৰ পৰা ২০-২৫ মিটাৰ দূৰত্বত জেচিবিৰে খনন কৰি মাটি বিক্ৰী কৰাত পূৰ্বৰে পৰা চলি থকা গৰাখহনীয়াক অধিক হাৰত আমন্ত্ৰণ কৰিব বিচৰা কাৰ্যক সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।এই খনন কাৰ্য চলিছে ভূৰাগাঁৱৰ বৰডোৱাটুপ-ৰথখোলা আৰু টেঙাগুৰি কছাৰীগাঁৱৰ ব্ৰহ্মপুত্ৰ পাৰত। প্ৰত্যক দিনাই নদীৰ পাৰত দৈনিক মাটি খননকাৰ্য চলাই আছে একাংশ দূষ্টচক্ৰই। এনেদৰে নদীৰ পাৰত খনন কৰিলে গৰাখহনীয়াই তীব্ৰ ৰূপ লোৱাৰ সম্ভাৱনা আছে।ইয়াৰ উপৰি চলিত বৰ্ষত নিৰ্মাণ কৰা ৫৮ কোটিটকীয়া মথাউৰিলৈ চৰম ভাবুকি কঢ়িয়াই আনিব। ভূৰাগাঁৱৰ একাংশ সচেতন ৰাইজে ভূৰাগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক লিখিত অভিযোগ দিয়াৰ পিছত চক্ৰ বিষয়াই মাটি খনন বন্ধ কৰিবলৈ ভূৰাগাঁও আৰক্ষীলৈ নিৰ্দেশ দিয়াৰ পিছতো দুষ্ট চক্ৰটোৱে দিনে নিশাই ব্ৰহ্মপুত্ৰৰ পাৰত চলাই গৈছে খনন কাৰ্য্য।উল্লেখ্য যে,গুলজাৰ হুছেইন নামৰ লোকজনে জেচিবি লগাই মাটি খনন কৰি বিক্ৰী কৰি আহিছে। প্ৰশাসনে অতিশীঘ্ৰে নদীৰ পাৰৰ খননকাৰ্য বন্ধ কৰাৰ দাবী জনাইছে সচেতন ৰাইজে।ইয়াৰ লগতে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ হস্তক্ষেপ দাবী কৰিছে।

You might also like