নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সকলো ফৰমেটতে ১০০ মেচ খেলি কৃতিত্ব কোহলিৰ

নিয়মীয়া বাৰ্তা, ৩০ আগষ্ট: ডুবাইত ভাৰত আৰু পাকিস্তানৰ মাজত দেওবাৰে অনুষ্ঠিত মেচখন বিৰাট কোহলিৰ বাবে আছিল কেৰিয়াৰৰ অন্যতম স্মৰণীয় মেচ৷ কিয়নো, দেওবাৰে তেওঁ শততম টি–২০ মেচত অৱতীর্ণ হৈছিল৷ প্রথম ভাৰতীয় ক্রিকেটাৰ হিচাপে টেষ্ট, এদিনীয়া আৰু টি–২০ এই সকলো ফৰমেটতে তেওঁ এশখনকৈ মেচ খেলাৰ কৃতিত্ব অর্জন কৰে৷ উল্লেখ্য যে ২০০৮ৰ আগষ্টত অভিষেক ঘটোৱাৰ পিছত কোহলিয়ে এই পর্যন্ত ১০০খন টি–২০, ১০২খন টেষ্ট আৰু ২৬২খন আন্তর্জাতিক মেচত অংশগ্রহণ কৰিছে৷ টি–২০ ক্রিকেটত তেওঁ মুঠ ৩৩০৮ ৰান সংগ্রহ কৰিছে৷ তদুপৰি এইবিধ ক্রিকেটৰ তেওঁৰ সর্বোচ্চ ৰান ৯৪৷ তেওঁৰ বেটৰ পৰা আহিছে ৩০টা অর্ধশতক ৰান৷ এই কৃতিত্ব অর্জন কৰা নিউজিলেণ্ডৰ বেটাৰ ৰ’ছ টেইলৰে ইতিমধ্যে আন্তর্জাতিক ক্রিকেটৰ পৰা অৱসৰ গ্রহণ কৰিছে৷ তেওঁ দেশৰ হৈ ১১২খন টেষ্ট, ২৩৬খন এদিনীয়া আৰু ১০২খন টি–২০ মেচত অংশগ্রহণ কৰিছিল৷ ৰোহিত শর্মা আৰু ছোৱেইব মালিকে শতাধিক টি–২০ আৰু এদিনীয়া খেলিছে যদিও টেষ্টত তেওঁলোকে ১০০খন মেচ খেলিবলৈ সক্ষম হোৱা নাই৷

You might also like