নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষি বিভাগৰ বীজ লাভ কৰা কৃষকে খেতি নকৰিলে ৰুজু হ’ব গোচৰঃ ৰণজিৎ দাস

নিয়মীয়া বাৰ্তা,   ১৮ নৱেম্বৰঃ অসম চৰকাৰে সময়ে সময়ে কৃষকৰ বাবে বিভিন্ন আচঁনি যুগুত ও প্ৰণয়ন কৰি আহিছে৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে কৃষকসকলে বহু ক্ষেত্ৰত এই আঁচনিসমূহৰ সুফল লাভ কৰাৰ চেষ্টা কৰা নাই কিম্বা লাভ কৰিব পৰা নাই৷ এনে এক প্ৰেক্ষাপটতে কৃষি বিভাগৰ পৰা যিসকল কৃষকে চৰকাৰী বীজ লাভ কৰিছে সেই সকল কৃষকৰ নাম, ঠিকনাৰ তালিকা কৃষি বিভাগে বজালী জিলা উপায়ুক্তক দিব লাগিব৷ এই গুৰুত্বপূৰ্ণ মন্তব্য ৰাজ্যৰ জেষ্ঠ্য কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ৷ আজি বজালী জিলাৰ মুগুৰীয়াত কৃষি বিভাগৰ পৰা আয়োজিত এখন সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় যে এই তালিকা চাই কৃষি বীজ লাভ কৰা প্ৰতিগৰাকী কৃষকৰ খেতি চাবলৈ ঘৰে ঘৰে যাব লাগিব বজালীৰ দণ্ডাধীশ। ভাষণত কৃষি বিভাগৰ পৰা কৃষক সকলৰ বাবে অনুমোদিত বিভিন্ন বীজ আৰু বিষয়া কৰ্মচাৰীক লৈ এনেবোৰ বহু তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে।

কৃষি বিভাগৰ বিষয়া- কৰ্মচাৰীৰ লগতে বজালী জিলাৰ উপায়ুক্ত কাবেৰী বি শৰ্মাই উপস্থিত থকা কৃষি বিভাগৰ সভাখনত মন্ত্ৰী তথা স্থানীয় বিধায়ক দাসে আৰু কয় যে বীজ লাভ কৰা যিসকল কৃষকৰ ঘৰত দণ্ডাধীশে খেতি প্ৰত্যক্ষ কৰিব নাপায় তেওঁৰ বিৰুদ্ধে বজালীৰ উপায়ুক্তই গোচৰ তৰিব লাগিব৷ কৃষি আৰু কৃষক সন্দৰ্ভত কেবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়োৱাৰ পিছতে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সন্মুখতে একাংশ কৃষকে অদ্যপি কোনো ধৰণৰ বীজ লাভ কৰা নাই বুলি ক্ষোভ উজাৰে৷ ৰাইজৰ অভিযোগ শুনাৰ পিছত সভাতে কৃষি বিষয়া, কৰ্মচাৰীক মন্ত্ৰী দাসে ভৎসনা কৰে৷ এই ক্ষেত্ৰত অতি শীঘ্ৰে বজালি জিলা উপায়ুক্তক তাৎক্ষণিক ব্যৱস্থা ল’বলৈও নিৰ্দেশ দিয়ে মন্ত্ৰী দাসে। ইপিনে আজি অনুষ্ঠিত কৃষি বিভাগৰ এই অনুষ্ঠানৰ পিছতে বজালীৰ মুগুৰীয়াৰ পথাৰত মূৰত গামোচা বান্ধি Combine harvester নামৰ এখন অত্যাধুনিক ধান কটা গাড়ী চলাই মন্ত্ৰীগৰাকীয়ে নিজে ধান কটাও পৰিলক্ষিত হয়৷ উল্লেখ্য যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকসকলৰ আয় দুগুণ কৰিবৰ বাবে দৃঢ়সংকল্প গ্ৰহণ কৰিছে৷ আৰু তাৰ বাবে কৃষি ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সঠিক ব্যৱহাৰৰ জৰিয়তে অতি কম সময়ৰ ভিতৰত কৃষিকাৰ্য সমাপন কৰাৰ উদ্দেশ্যৰেই সমগ্ৰ ভাৰতবৰ্ষত ধান কটা আৰু ধান চপোৱা সঁজুলি বিতৰণ কৰা হৈছে৷ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত অসমতো এই ধান কটা আৰু ধান চপোৱা সঁজুলি বিতৰণ কৰি থকা হৈছে ৷ তাৰ পৰিপ্ৰেক্ষিততে, আজি বজালীত ধান কটা আৰু ধান চপোৱা যন্ত্ৰ এটা শুভ উদ্বোধন কৰি মন্ত্ৰী দাসে আনন্দ প্ৰকাশ কৰি অসমৰ ধান খেতিয়কসকলক এইবেলি নিজৰ ধান সমূহ ভাৰত চৰকাৰৰ ন্যূনতম সমৰ্থিত মূল্য (MSP) ২০৪০/- টকা দৰত ধান ক্ৰয় কেন্দ্ৰত বিক্ৰী কৰিবলৈ আহ্বান জনায়৷ যিহেতু, এই বৰ্ষত ৰাজ্য চৰকাৰে ১০ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে, সেয়েহে অসমৰ কৃষক ৰাইজে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে প্ৰদান কৰা এই সুযোগ গ্ৰহণ কৰিব বুলি মন্ত্ৰী দাসে আশা ব্যক্ত কৰে৷

প্ৰেৰকঃ কল্যাণ কলিতা

You might also like