নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাইনাছ ২০ ডিগ্রী চেলছিয়াছত ৱাংছুকৰ অনশন

নিয়মীয়া বার্তা, ২৮ জানুৱাৰী: লাডাখক ৰক্ষা কৰিবলৈ সমাজ সংস্কাৰক ছোনাম ৱাংছুকে আৰম্ভ কৰিছে পাঁচদিনীয়া অনশন৷ উল্লেখনীয় যে ভয়াৱহ তুষাৰপাতৰ বাবে লাডাখত স্বাভাৱিক জীৱন যাত্রা স্তব্ধ হৈ পৰিছে৷ আজি ৱাংছুকে ছ’চিয়েল মিডিয়াত এক ভিডি’ পোষ্ট কৰি কয় যে খার্দুং লা গিৰিপথ ইতিমধ্যে বৰফে বন্ধ কৰি পেলাইছে৷ উল্লেখনীয় যে বলীউডৰ ‘৩ ইডিয়টছ’ ছবিখন যাৰ অনুপ্রেৰণাত নির্মাণ কৰা হৈছিল সেই ৱাংছুকে ফিয়াঙত মাইনাছ ২০ ডিগ্রী চেলছিয়াছত আৰম্ভ কৰিছে অনশন৷ মাত্র কেইদিনমান পূর্বে প্রধানমন্ত্রী মোদীক লাডাখক ৰক্ষা কৰাৰ কোনো ধৰণৰ আঁচনি চৰকাৰে গ্রহণ কৰা নাই বুলি সমালোচনা কৰিছিল৷

You might also like