নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধ্যপ্ৰদেশত বায়ুসেনাৰ দুখন বিমান দুৰ্ঘটনাগ্ৰস্ত

নিয়মীয়া বাৰ্তা,২৮ জানুৱাৰী: মধ্যপ্ৰদেশৰ মৰেণাত ভাৰতীয় বায়ুসেনাৰ দুখন যুঁজাৰু বিমান Sukhoi-30 আৰু Mirage-2000 ৰ অনুশীলনৰ সময়ত দুৰ্ঘটনাত পতিত হয়। উল্লেখ্য যে দুয়োখন যুদ্ধ বিমানে গোৱালিয়ৰ বায়ুসেনা ঘাটিৰ পৰা অনুশীলনৰ বাবে উৰা মাৰিছিল। Sukhoi-30ত দুজন পাইলট আৰু Mirage-2000 ত এজন পাইলট আছিল। দুজন পাইলটক ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও এজন পাইলটৰ এতিয়াও কোনো সন্ধান পোৱা নাই।

You might also like