নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰত প্ৰশিক্ষণ শিবিৰ

নিয়মীয়া বাৰ্তা, ১১ জুনঃ নগাঁও আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ অধীনত থকা এপ্ৰাটৰ দ্বাৰা Focus Group Discussion নামক এক প্ৰশিক্ষণৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উক্ত সভাত উপস্থিত থাকে আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ডঃ দীনেশ হাজৰিকা, মুখ্য বিজ্ঞানী ডঃ পংকজ দেৱ চৌধুৰী, মুখ্য বিজ্ঞানী ডঃ পবিত্ৰ কুমাৰ বৰদলৈ আৰু এন এফএছ এম ৰাজ্যিক সমন্বয়ক আৰু এপ্ৰাৰ্ট সন্মানীয় পৰামৰ্শদাতাৰ ড° অৰুণীমা দেৱ চৌধুৰী। ডঃ শৰ্মি গগৈ , প্ৰশিক্ষণ ৰ কাৰ্যসূচীত অন্ততঃ ৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ পৰা অহা আই পি এম বিশেষজ্ঞ নমী শৰ্মা আৰু বণিতা কলিতা, তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰশিক্ষাৰ্থী পূজা উপাধ্যায় আৰু হিমাশ্ৰী মিশ্রই উপস্থিত কৃষক সকলক প্ৰশিক্ষণ দিয়ে।।দুই জুনত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত সাফল্য মন্দিত কৰাত এপ্ৰাৰ্টৰ এ পি এছ এলিজা বড়ো আৰু কাৰিকৰী গবেষক পাৰ্থ প্ৰতিমা বৰাই বিশেষ অৰিহণা আগবঢ়াই ৷

You might also like