নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱৰ প্ৰিয়ংকাৰ অভিনৱ সৃষ্টিঃ কাগজেৰে মুখ্যমন্ত্ৰীলৈ বুলি সাজি উলিয়াইছে শৰাই আৰু জাপি

নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰঃ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক উপহাৰ স্বৰূপে প্ৰদান কৰিবলৈ মৰিগাঁৱৰ কঁপাহেৰা ভকতগাঁৱৰ প্ৰিয়ংকা গোস্বামী নামৰ যুৱতী গৰাকীয়ে সাজি উলিয়াইছে এখন বিশেষ শৰাই আৰু অসমীয়াৰ চিনাকি জাপি। যিখন শৰাই আৰু জাপি প্ৰস্তুত কৰা হৈছে বাতৰি কাকতৰ জৰিয়তে।

ৰাজ্যৰ সৰ্বাধিক জনপ্ৰিয় বাতৰি কাকত “নিয়মীয়া বার্তা” বিভিন্ন পুৰণি সংখ্যা ব্যৱহাৰ কৰি উচ্চ শিক্ষিতা যুৱতী প্ৰিয়ংকাই নিজৰ উদ্ভাৱনী শক্তিৰ পৰিচয় দি সাজি উলিয়াইছে এই বিশেষ সামগ্ৰী সমূহ। ক’তো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ এই অপূৰ্ব কলাকাৰীৰ চানেকি দাঙি ধৰা প্ৰিয়ংকাৰ আশা ব্যৱসায়িক ভাৱে তেওঁ এনে সামগ্ৰীৰ বিপনন আৰম্ভ কৰাৰ। বৰ্তমানে প্ৰিয়ংকাই এখন বিশাল শৰাই আৰু জাপি মুখ্যমন্ত্ৰীৰ লগতে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাক নিজ হাতেৰে প্ৰদান কৰিবলৈ প্ৰচেষ্টা চলাই আছে

You might also like