নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত আটৱাৰ উদ্যোগত কেৰিয়াৰ কাউন্সেলিং অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ১৭জুনঃ অসম চাহ জনজাতি মহিলা সমিতি চমুকৈ আটৱাৰ মৰিয়নি শাখাৰ উদ্যোগত আৰু মৰিয়নি মহাবিদ্যালয়ৰ সহযোগত আজি এদিনীয়া কাৰ্য্যসূচীৰে কেৰিয়াৰ কাউন্সেলিং অনুষ্ঠান অনুষ্ঠিত হয় । মূলতঃ ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যৎ গঢ়াৰ উদ্দেশ্যৰেই আয়োজন কৰা এই কেৰিয়াৰ কাউন্সেলিং অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ কেন্দ্ৰীয় সভাপতি ধীৰাজ গোৱালাই কয় – -কোনো ছাত্ৰ ছাত্ৰীয়েই হীনমন্যতাত ভূগিব নালাগে । কোন ক’ৰ পৰা আহিছে, বা কোন কি জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিছে সেইয়া শিক্ষাৰ ক্ষেত্ৰত সদায়েই গৌণ হৈ ৰয় । এতিয়া প্ৰতিযোগিতাৰ যুগ । ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব লগীয়া হৈছে । কিন্তু তাৰ বাবে কিদৰে নিজকে প্ৰস্তুত কৰি তুলিব লাগে সেইয়া অতি গুৰুত্বপূৰ্ণ । ছাত্ৰ ছাত্ৰীসকলক তাৰ বাবে এখন মঞ্চ দিয়াৰ উদ্দেশ্যৰেই এনে কেৰিয়াৰ কাউন্সেলিং অনুষ্ঠানৰ প্ৰাসংগিকতা আছে বুলি আটছা নেতাজনে উল্লেখ কৰে । আনহাতে, সভাত বিশেষ আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি আটছাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ছাত্ৰ ছাত্ৰীসকলক অধ্যয়নমূখী হ’বলৈ আহ্বান জনায় । তেওঁ কয়- ছাত্ৰ ছাত্ৰীসকলে যিমান পাৰে সিমান অধ্যয়ন কৰিব লাগিব । বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণৰ লগে লগে নিজৰ নিজৰ ভৱিষ্যৎ নিৰ্মাণৰো আখৰা কৰি যাব লাগিব । তেতিয়াহে জীৱনত আশা কৰা মতে ফল লাভ কৰিব পৰা যাব । তেওঁ লগতে ছাত্ৰ ছাত্ৰীসকলক কেৱল চাকৰিমূখী হোৱাৰ পৰিৱৰ্তে নিজকে এক শক্তি হিচাপে গঢ়ি তুলিবলৈ যত্ন কৰিব লাগে বুলি মন্তব্য কৰে । শিক্ষা গ্ৰহণ কৰি থাকোতেই নিজৰ নিজৰ কেৰিয়াৰ গঢ় দিয়াৰ বাবেও চেষ্টা কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায় । মৰিয়নি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানৰ আদৰণি ভাষন প্ৰদান কৰি মৰিয়নি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হৰেন গোৱালাই এনে কেৰিয়াৰ কাউন্সেলিঙে ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে । মৰিয়নি মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° ভূপেন্দ্ৰ নাথ গোস্বামীয়ে সঞ্চালনা কৰা মনোগ্ৰাহী অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি যোৰহাট মহাবিদ্যালয়ৰ অধ্যাপক, বিশিষ্ট কেৰিয়াৰ পৰামৰ্শদাতা সৌমিত্ৰ পূজাৰী আৰু নতুন দিল্লীৰ ভাৰতীয় প্ৰশাসনিক সেৱা প্ৰশিক্ষণ কেন্দ্ৰ, সংকল্পৰ প্ৰাক্তন সঞ্চালক ৰাজীৱ বৰুৱাই ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন বিষয় আলোকপাত কৰি কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শ আগবঢ়ায় । ৰাজ্যিক বা ৰাষ্ট্ৰীয় স্তৰত নিজকে তুলি ধৰিবলৈ নিজকে কিদৰে প্ৰস্তুত কৰিব লাগে সেই সম্পৰ্কেও ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰে । দুয়োগৰাকী সমল ব্যক্তিৰ সাৰুৱা বক্তব্য আৰু গুৰুত্বপূৰ্ণ পৰামৰ্শই ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰে । মৰিয়নি অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰায় তিনি শতাধিক শিক্ষাৰ্থীৰ লগতে আটছাৰ বিভিন্ন পৰ্য্যায়ৰ কৰ্মীসকলে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য দ্বীপ দত্ত, আটছাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য মঙ্গল গৰাইট, ডকলঙ্গীয়া চাহ বাগিচাৰ জ্যেষ্ঠ পৰিচালক খুছৱন্ত সিং, এডিথ ডগলাছ হায়াৰ চেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ এনি আব্ৰাহাম, দিব্যজ্যোতি শইকীয়া, চাহ জনজাতি মহিলা সমিতিৰ যোৰহাট জিলাৰ সভানেত্ৰী ৰিতুপৰ্ণা তাঁ‌তী আৰু সম্পাদিকা মামনি কুৰ্মী, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আদিয়েও অংশগ্ৰহণ কৰে । আটছা নেতা দীপক তাঁ‌তীয়ে আঁ‌ত ধৰা অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম চাহ জনজাতি মহিলা সমিতিৰ মৰিয়নি শাখাৰ সম্পাদিকা জ্যোতি কুশল দাসে । ইয়াৰ পূৰ্বে আটৱাৰ মৰিয়নি শাখাৰ উপ-সভানেত্ৰী মন্দিৰা গঞ্জুয়ে পতাকা উত্তোলন কৰাৰ অন্তত শ্বহীদ তৰ্পন কৰে সম্পাদিকা জ্যোতি কুশল দাসে । অনুষ্ঠানটোত অসম চাহ জনজাতি ছাত্ৰ সন্থা ( আটছা) ৰ কেবাগৰাকী নেতাৰ লগতে কেবাজনো প্ৰাক্তন আটছা নেতাও উপস্থিত থাকে ।

You might also like