নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যানবাহন ব্যাহত; দৰঙত বানৰ প্ৰকোপ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ১৭জুনঃ শাকতোলা নদীৰ মথাউৰি চিঙি পানীভাগ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিশে আগবঢ়াৰ পাছত আজি নিশা বন্ধ কৰি দিয়া হৈছে যাতায়ত। দৰঙৰ উপায়ুক্তই এক নিৰ্দেশযোগে মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত পিপৰা দোকানৰ পৰা শাকতোলালৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা আজিৰে পৰা বলবৎ হোৱাকৈ যানবাহনৰ চলাচলত বাধা আৰোপ কৰিছে। অৱশ্যে পূৰ্বৰ লেখীয়াকৈ এইবাৰ বাহন সমূহ বৰদৌলগুৰি-দীঘিৰপাৰ-জনাৰামচৌকা হৈ আউলাচৌকা অথবা মঙলদৈলৈ যোৱাৰ সম্ভাৱনা ক্ষীণ। কিয়নো দীঘিৰপাৰৰ পৰা ডাঁহী হৈ আহতগুৰিৰ মাজৰ এটা কালভাৰ্ট বিগত বানৰ সময়ত বহিযোৱাৰ লগতে ২ কিমি পথত কোনো শিল-বালি দি মেৰামতি নকৰাত যাতায়তৰ সম্ভাৱনা তেনেই ক্ষীণ। ইপিনে, জিলা প্ৰশাসনৰ তথ্য অনুসৰি, বছৰটোৰ দ্বিতীয়টো বানত এতিয়ালৈকে দলগাওঁ, মঙলদৈ, পাথৰিঘাট আৰু ছিপাঝাৰ ৰাজহ চক্ৰৰ ১৫২ খন গাওঁ বানৰ কবলত পৰিছে আৰু ১০০২৩৬জন লোক ক্ষতিগ্ৰস্ত হৈছে । উক্ত ৰাজহ চক্ৰৰ অন্তৰ্গত ৪১৪৯.৫১ হেক্টৰ কৃষিভূমি অঞ্চল প্লাবিত হৈছে। তদুপৰি ৫২১২১টা পশুধন বানৰ কবলত পৰিছে। পাথৰিঘাট ৰাজহ চক্ৰৰ অধীনত প্ৰশাসনৰ দ্বাৰা স্থাপন কৰা হৈছে এটা বান সাহাৰ্য শিৱিৰ।

You might also like