নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত কণীযুক্ত থলুৱা মাছ, পোনা মাছৰ বিক্ৰীৰ বিৰুদ্ধে মীন বিভাগৰ অভিযান

নিয়মীয়া বাৰ্তা, ১৯ মে’: থলুৱা কণীযুক্ত মাছ, পোনা মাছ আদিৰ বিৰুদ্ধে আজি যোৰহাট জিলাৰ মীন বিভাগে জিলাখনৰ কেবাখনো মাছৰ বজাৰত অভিযান চলায় । যোৰহাট জিলা মীন উন্নয়ন বিষয়া খনীন্দ্ৰ ভূঞাৰ নেতৃত্বত মীন বিভাগৰ বিষয়া আৰু কৰ্মচাৰীৰ এটা দলে এই অভিযান চলায় । উল্লেখযোগ্য যে, ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈকে মীন আইন বলৱৎ হৈ থকাৰ পৰিপ্ৰেক্ষিতত এই সময়ছোৱাত কণীযুক্ত থলুৱা মাছ, পোনা মাছ আদি নৈ, বিল, জলাশয় আদিত ধৰা সম্পূৰ্ণৰূপে নিষিদ্ধ হৈ আছে । আনহাতে, এনে মাছ ধৰাৰ লগতে বজাৰত বিক্ৰী কৰাও সম্পূৰ্ণৰূপে নিষিদ্ধ । কিন্তু একাংশ দুষ্টলোকে এনে মাছ ধৰাৰ লগতে বজাৰত বিক্ৰী কৰি আহিছে । মীন বিভাগে আজি তাৰ বিৰুদ্ধেই এই অভিযান চলায় । আজি মীন বিভাগৰ দলটোৱে মৰিয়নিৰ ওপৰিও লিচুবাৰী, চিনামৰা, দেবেৰাপাৰ চাৰিআলি, টিয়ক আদি ঠাইতো অভিযান চলায় । দলটোৱে মাছৰ বজাৰসমূহ পৰিদৰ্শন কৰাৰ লগতে মৎস্য ব্যৱসায়ীসকলৰ সৈতেও সৌহাৰ্দ্যমূলক আলোচনাত মিলিত হয় । যোৰহাট জিলা মীন উন্নয়ন বিষয়া খনীন্দ্ৰ ভূঞাৰ নেতৃত্বত অহা দলটোত জ্যেষ্ঠ মীন উন্নয়ন বিষয়া শংকৰ বৰুৱা, মীন উন্নয়ন বিষয়া মাৰ্কেটিং শিল্পীশিখা গগৈ, মীন উন্নয়ন বিষয়া ইনফ’ৰমেছন অৰুণিমা ডেকা, সহকাৰী মীন বিষয়া, মীন প্ৰদৰ্শক আদিয়ে অংশগ্ৰহণ কৰে । অৱশ্যে অভিযানত নিষিদ্ধকৰা মাছ বিশেষ উদ্ধাৰ নহ’ল । অভিযানকাৰী দলটোৱে অভিযান চলোৱাৰ সমান্তৰালকৈ আটাইকেইটা স্থানৰ মৎস্য ব্যৱসায়ী সন্থা, খুচুৰা বিক্ৰেতা আদিক এই ক্ষেত্ৰত সচেতন হ’বলৈ আহ্বান জনায় । অন্যথা তেনে মাছ বিক্ৰী কৰা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মীন বিভাগৰ লোকসকলে সকিয়নি প্ৰদান কৰে । মীন বিভাগৰ মতে, থলুৱা মাছৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এনে কণীযুক্ত থলুৱা মাছ আৰু পোনা মাছ ধৰা আৰু বিক্ৰী কৰা সম্পূৰ্ণৰূপে বন্ধ হ’ব লাগিব । কোনো কাৰণতেই এনে মাছ ধৰা আৰু বিক্ৰী কৰিব নোৱাৰিব । তাৰ বাবেই জিলা মীন বিভাগে এইদৰে অভিযান চলাইছে বুলি মীন বিভাগৰ সূত্ৰই জানিবলৈ দিছে । এই ক্ষেত্ৰত খুচুৰা মাছ বিক্ৰেতাৰ ওপৰি মৎস্য ব্যৱসায়ী সন্থাৰ সহযোগিতা মীন বিভাগে একান্তই কামনা কৰিছ ।

দিব্যজ্যোতি শইকীয়া

You might also like